নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত উপস্থিত থাকে দুগৰাকী বিশিষ্ট সদস্য ৷ তেওঁলোক হৈছে ত্ৰিপুৰা পিপলছ ফ্ৰন্টৰ প্ৰতিস্থাপক সভাপতি পাতাল কন্যা জামাতিয়া আৰু অসম সন্মিলিত মহা সংঘৰ বৰ্তমানৰ সভাপতি মতিউৰ ৰহমান ৷
পাতাল কন্যা জামাতিয়াই কয় যে,ত্ৰিপুৰাৰ বৰ্তমানৰ জনসংখ্যা 50 লাখ যদিও 11 লাখহে খিলঞ্জীয়া ৷ যোৱা 70 বছৰত বিভিন্ন চৰকাৰ শাসনলৈ আহিছে যদিও কোনো চৰকাৰে খিলঞ্জীয়া লোকৰ দুখ-দুৰ্দশা বুজাৰ চেষ্টা কৰা নাই ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ত্ৰিপুৰাৰ ইতিহাস সম্পৰ্কে কোনো বাতৰি প্ৰকাশ নাপাই বুলিও ক্ষোভ প্ৰকাশ কৰে জামাতিয়াই ৷ হত্যা,ধৰ্ষণ,সাম্প্ৰদায়িক সংঘৰ্ষই ৰাজ্যখন জুৰুলা কৰিছে যদিও কোনো ক্ষেত্ৰতে ন্যায় পাবলৈ সক্ষম হোৱা নাই ত্ৰিপুৰাবাসীয়ে ৷ নিজৰ ৰাজ্যতে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজিব লগা হৈছে বুলি দুখ প্ৰকাশ কৰে জামাতিয়াই ৷