অসম

assam

দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ

By

Published : Oct 24, 2020, 11:15 AM IST

ভক্তৰ বাবে খোল খাব বাংকে বিহাৰী মন্দিৰ ৷ ভক্তৰ বাবে বিশেষ নিয়মাৱলী কৰ্তৃপক্ষৰ ৷ ন্যায়াধীশ জুনিয়ৰ ডিভিজন আদালতৰ নিৰ্দেশত মন্দিৰ খোলাৰ অনুমতি ৷

Mathura's Banke Bihari temple to reopen for devotees from October 25
দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ :ক'ভিড প্ৰট'কল আৰু সামাজিক দূৰত্ব পালন কৰি দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ'ব মথুৰাৰ বাংকে বিহাৰী মন্দিৰ । কিন্তু ভক্তসকলে প্ৰৱেশৰ বাবে আগতীয়াকৈ অনলাইন ৰেজিষ্ট্ৰেশ্বন কৰিব লাগিব ৷ মন্দিৰৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, প্ৰৱেশ কৰা সকলো ভক্তই নীতি-নিয়ম পালন কৰিব লাগিব ৷

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে 22 মাৰ্চৰ পৰা মন্দিৰটো বন্ধ হৈ আছিল ৷ কিন্তু 15 অক্টোবৰত ন্যায়াধীশ জুনিয়ৰ ডিভিজন আদালতৰ নিৰ্দেশত ভক্তৰ বাবে মন্দিৰটো পুনৰ খোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে । কিন্তু মন্দিৰত ভিৰৰ বাবে মন্দিৰ পৰিচালক মুনিশ শর্মাই 19 অক্টোবৰৰ পৰা মন্দিৰটো পুনৰ বন্ধ ৰাখিছিল কিন্তু দেওবাৰৰ পৰা মন্দিৰটো পুনৰ খোলা হ'ব বুলি কৰ্তৃপক্ষই জানিব দিয়ে ৷

জানিবলগীয়া যে, শুকুৰবাৰে ৰাজ্যিক স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, উত্তৰ প্ৰদেশত শুকুৰবাৰৰ দিনটোত 2,298 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ একেদৰে, 3,025 গৰাকী লোক আৰোগ্য লাভ কৰাৰ উপৰিও মৃতকৰ সংখ্যা 40 গৰাকী ৷ ইফালে, সৰ্বমুঠ ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 4,30,962 গৰাকী আৰু মৃতকৰ সংখ্যা 6,830 গৰাকী ৷

লগতে পঢ়ক :আই পি এল 2020 : দহ উইকেটত জয় লাভ মুম্বাই ইণ্ডিয়ানছৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details