অসম

assam

ETV Bharat / bharat

মথুৰা বেংক ডকাইতি কাণ্ড : পুনৰ গ্ৰেপ্তাৰ ১, উদ্ধাৰ লুটি নিয়া ধন - মথুৰাৰ জেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ গ্ৰভাৰ

লক্ ডাউনৰ মাজতেই মথুৰাৰ দামুদাৰপোৰাৰ আৰ্যভট্ট গ্ৰামীণ বেংকত মঙলবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । শুকুৰবাৰে আৰক্ষীৰ সৈতে হোৱা গুলীগুলীৰ পাচতেই ডকাইটি কাণ্ডত জড়িত আন এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মথুৰা আৰক্ষীয়ে ।

Mathura bank robbery: 1 more held, looted money recovered
Mathura bank robbery: 1 more held, looted money recovered

By

Published : May 16, 2020, 1:21 PM IST

মথুৰা, ১৬ মে': দেশত চলি থকা লক্ ডাউনৰ মাজতেই মঙলবাৰে মথুৰাত সংঘটিত হৈছিল এক বৃহৎ ডকাইতি কাণ্ড । আৰ্যভট্ট গ্ৰামীণ বেংকৰ পৰা ধন লৈ উধাও হৈছিল দুৰ্বৃত্তৰ এটা দল ।

শুকুৰবাৰে এই ডকাইতি কাণ্ডতে জড়তি আন এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মথুৰা আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা বহু পৰিমাণৰ লুটি নিয়া ধনো উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে আৰক্ষীয় ।

মথুৰাৰ জেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ গ্ৰভাৰে জনোৱা অনুসৰি, অভিযুক্ত পাৰ্ভিন্দৰ গৌতমক বৃহস্পতিবাৰে সদৰ বজাৰ থানাৰ সীমান্তৱৰ্তী গোকুল ব্য়াৰেজৰ কাষত আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীৰ পাচতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । বেংক ডকাইতি কাৰ্যত গ্ৰেপ্তাৰ হোৱা ষষ্ঠগৰাকী অপৰাধী হৈছে গৌতম । গুলীচালনাত ভৰিত আঘাত প্ৰাপ্ত হয় গৌতম । বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ধৃত গৌতমক ।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে, গেপ্তাৰ হোৱা গৌতমৰ পৰা ২,৫১,৫০০ টকা, এখন মটৰ চাইকেল বাইক, এটা পিষ্টল, তিনি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে এগৰাকী মহিলা সহ পাঁচজনক এই ডকাইতি কাণ্ডত জড়িত অপৰাধাত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ১৭,১০,০০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

বৰ্তমানলৈকে আৰক্ষীয়ে ১৯,৬১,৫০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । অৱশ্য়ে বেংকৰ পৰা সৰ্বমুঠ ২১,০৭,১২৭ টকা ডকাইটি কৰি নিছিল দুৰ্বৃত্তৰ দলটোৱে ।

ABOUT THE AUTHOR

...view details