কাটৰা,16 আগষ্ট:প্ৰায় পাঁচ মাহৰ অন্তত প্ৰৱেশদ্বাৰ খুলিব হিন্দুসকলৰ ধৰ্মীয় অনুষ্ঠান বৈষ্ণু দেৱী মন্দিৰৰ ৷ মন্দিৰ পৰিচালনা কৰ্তৃপক্ষৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এই কথা ৷ বিষয় প্ৰসংগত উৎফুল্লিত হৈ প্ৰশান্ত শৰ্মা নামৰ ব্য়ক্তিগৰাকীয়ে এতিয়াৰে পৰা ভক্তসকলে মন্দিৰ দৰ্শন কৰি মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব বুলি ব্যক্ত কৰে ৷ লগতে কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলৰ সুৰক্ষাৰ স্বাৰ্থত সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷ মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰা সকলো নিৰ্দেশনা পালন কৰিছে ৷ কৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ উক্ত নিয়মসমূহ পালন কৰাতো প্ৰয়োজনীয় হৈ পৰিছে ৷ যদিহে এই নিয়মসমূহ উচিত ধৰণেৰে পালন কৰা নহয় তেন্তে পুনৰায় বন্ধ হৈ পৰিব মন্দিৰৰ দ্বাৰ ৷ ৰমন খজুৰিয়া নামৰ এগৰাকী তীৰ্থযাত্ৰীয়ে মন্দিৰ পৰিচালনা সমিতিয়ে কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে মন্দিৰলৈ অহা প্ৰতিগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে ৷
ৰমন খজুৰিয়া নামৰ এগৰাকী তীৰ্থযাত্ৰীয়ে মন্দিৰ পৰিচালনা সমিতিয়ে কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে মন্দিৰলৈ অহা প্ৰতিগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে ৷ খজুৰিয়াই কয় মন্দিৰৰ ভিন্ন স্থানত চেনিটাইজাৰ ৰখাৰ লগতে থাৰ্মেল স্ক্ৰীনিঙৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে কোভিড 19 ত আক্ৰান্ত কোনো ব্যক্তি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে ৷ উল্লেখ্য যে,বিগত 18 মাৰ্চৰ পৰা বন্ধ ৰখা হৈছিল মন্দিৰৰ প্ৰৱেশদ্বাৰ ৷