ভয়ংকৰ বানৰ কৱলত সমগ্ৰ বিহাৰ - নীতিশ কুমাৰ
প্ৰৱল বৃষ্টিপাতৰ ফলত জলমগ্ন সমগ্ৰ বিহাৰ ৷ সমগ্ৰ অঞ্চল পানীত ডুব যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত ৷ বানৰ ফলত পুনৰবাৰ ডুব যায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ প্ৰকল্প লোহিয়াৰ পথ ৷
![ভয়ংকৰ বানৰ কৱলত সমগ্ৰ বিহাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4586716-thumbnail-3x2-bihar.jpg)
পাটনা, 28 আগষ্টঃপ্ৰৱল বৃষ্টিপাতৰ ফলত জলমগ্ন সমগ্ৰ বিহাৰ ৷ ৰাজধানী চহৰ পাটনাৰ বহু অঞ্চল পানীৰ তলত ৷ চম্পাৰণ অঞ্চলত বান পৰিস্থিতি অধিক ভয়াৱহ । সমগ্ৰ অঞ্চল পানীত ডুব যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত ৷ ৰাইজে ভুগিবলগীয়া হৈছে ভয়ংকৰ দুৰ্ভোগ ৷ ৰেল লাইনত পানী ভৰাৰ ফলত ৰেল সেৱা ব্যাহত ৷ বানৰ ফলত পুনৰবাৰ ডুব যায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ প্ৰকল্প লোহিয়াৰ পথ ৷ উল্লেখ্য যে যোৱাবছৰো মুষলধাৰ বৰষুণৰ ফলত ডুব গৈছিল লোহিয়া প্ৰকল্পৰ পথ ৷ বানপানীৰ ফলত সমগ্ৰ ৰাজ্যখনতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চৰকাৰ আৰু প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷