নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: পুলৱামা আক্ৰমনত ব্যৱহৃত বাহনৰ তথ্য ফাদিল কৰিছে তদন্তকাৰী সংস্থা চমুকৈ এন আই এ য়ে । ব্যৱহাৰ কৰা মাৰুটি ইকো বাহন খনৰ গৰাকীৰো চিনাক্তকৰণ সম্পন্ন হৈছে বুলি তদন্তকাৰী সংস্থাটোৱে জনায় । ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাষ্ঠলীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰা এই তথ্য পোহৰলৈ আহিছে ।
পুলৱামা আক্ৰমনত ব্যৱহাৰ হৈছিল মাৰুটি ইকো: এন আই এ
ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰা পোহৰলৈ আহিছে এই তথ্য
SAJJAD BHAT
বাহনখনৰ গৰাকী অনন্টনাগ নিবাসী ছাজ্জাদ ভাটে আক্ৰমনৰ ১০ দিন পূৰ্বে বাহনখন ক্ৰয় কৰিছিল বুলি জানিবলৈ দিয়ে এন আই এ য়ে । ছাজ্জাদ ভাটৰএখন ফটো চছিয়েল মিডিয়াত বিয়পি পৰাৰ পাছত তেওঁ জইচ ই মহম্মদত যোগ দিয়া বুলি জানিব পৰা গৈছে ।