নিউজ ডেস্ক, ১৯ জুনঃ শুকুৰবাৰে পুৱা ভাগত শ্বহীদ দীপক সিঙৰ মৃতদেহ মধ্য প্ৰদেশৰ ৰেৱা জিলাত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে এগৰাকী ভাৰতীয় সেনা বিষয়াই । তাৰোপৰি শ্বহীদ সেনা গৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া লেহৰ পৰা প্ৰয়াগৰাজলৈ হৈ অহা হয় বুলি উল্লেখ কৰে । তাৰ পৰাই শুকুৰবাৰে পুৱা শ্বহীদ গৰাকীৰ মৃতদেহ সৈন্যৰ সৈতে অন্তিম সৎকাৰৰ বাবে নিজ গাঁৱলৈ লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে সেনা বিষয়া গৰাকীয়ে ।
উল্লেখ্য যে, বিগত ১৫ জুনত পূৱ লাডাখত চীনৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ২০ গৰাকী সৈনিকৰ ভিতৰত এজন আছিল শ্বহীদ দীপক সিং ।
আনহাতে, শ্বহীদ দীপক সিঙক শ্ৰদ্ধাঞ্জলি জনাই মধ্য় প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ ইয়াৰোপৰি, শ্বহীদ গৰাকীৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে এটা পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব বুলি সদৰি কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰি অহা আমাৰ বীৰ সৈনিকসকলৰ বলিদানক শত কোটি প্ৰণাম ।