নেচনেল ডেস্ক, 3 জানুৱাৰী:জম্মু আৰু কাশ্মীৰৰ নওচেৰা ক্ষেত্ৰত শুকুৰবাৰে পাকিস্তানী গুলীবৰ্ষণত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱান চুবেদাৰ ৰবীন্দ্ৰ কুমাৰক হাৰিয়ানাৰ ঝাজ্জৰৰ নিজৰ গাঁৱত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় জনোৱা হ'ব ৷
শ্বহীদ সেনা জোৱান গৰাকীৰ নশ্বৰ দেহ ঝাজ্জৰ স্থিত প্ৰিয়া কলনিত এক্স চাৰভিচ লিগ অভিচৰ কাৰ্যালয়ত ৰাখি থোৱা হৈছে ৷ জানিব পৰা মতে কালি এই বাতৰি লাভ কৰাৰ পাছতে সমগ্ৰ গাওঁখনতে কান্দোনৰ ৰোল উঠে ৷
বীৰ সেনা জনৰ মৃত্যুৰ খবৰে বিচলিত কৰিলেও কাৰ্গিলৰ যুদ্ধৰ সময়তো দৃষ্টান্তমূলক সাহস প্ৰদৰ্শন কৰা সাহসী সেনাজনৰ ত্যাগক লৈ সকলো গাঁওবাসীয়ে গৌৰৱ অনুভৱ কৰিছে ৷
জানিব পৰা মতে গাঁও পঞ্চায়তৰ ফালৰ পৰা পূৰ্বেও দুগৰাকী সেনা জোৱানৰ অন্তিম সৎকাৰ কৰা থলীতে ৰবীন্দ্ৰকো ৰাজ্যিক সন্মানেৰে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ শনিবাৰে শ্বহীদ সেনা ৰবীন্দ্ৰক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলোৱা হয় ৷
লগতে পঢ়ক:300 আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰিলে হিমাচল আৰক্ষীয়ে