অসম

assam

By

Published : Nov 2, 2020, 12:56 PM IST

ETV Bharat / bharat

বেংগালুৰু বিমান বন্দৰত জব্দ বহুলক্ষাধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

448 গ্ৰাম ওজনৰ 72 লাখ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ হয় বেংগালুৰু বিমান বন্দৰত ৷ আমেৰিকাৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা পঠিওৱা হৈছিল নিচাযুক্ত সামগ্ৰীখিনি ৷

Marijuana worth Rs 72L found in parcel at Bengaluru airport
বেংগালুৰু বিমান বন্দৰত 72 লাখ টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ

নেশ্য়নেলডেস্ক,2 নৱেম্বৰ: ৰবিবাৰে বেংগালুৰু বিমান বন্দৰত 72 লাখ টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ হয় ৷ আমেৰিকাৰ পৰা বেংগালুৰুলৈ পঠোৱা হৈছিল নিচাযুক্ত সামগ্ৰীখিনি ৷ খেলনা সামগ্ৰীৰ পেকেটত সামগ্ৰীখিনি আমেৰিকাৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা পঠিওৱা হৈছিল ৷ বিমান বন্দৰত যেতিয়া পেকেটতো পৰীক্ষা কৰা হয় তেতিয়া তাৰ ভিতৰত কিছু সন্দেহজনক সামগ্ৰী থকাৰ উমান পায় ৷ তালাচীত 448 গ্ৰাম ওজনৰ 72 লাখ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ হয় ৷ সীমা শুল্ক বিভাগে জনোৱা মতে,NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

বেংগালুৰু বিমান বন্দৰত 72 লাখ টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ

ইয়াৰ আগতেও অক্টোবৰ মাহত বেংগালুৰুৰ সুব্ৰমান্য নগৰৰ এখন দোকানত বৃহৎ পৰিমাণৰ 50 টকীয়া নিচাযুক্ত চকলেট জব্দ কৰিছিল ৷ আৰক্ষীয়ে জনোৱা মতে, শিশুৰ চকলেট, কলেজীয়া ছাত্ৰ, যুৱক তথা মহিলাসকলৰ মাজত এই নিচাযুক্ত সামগ্ৰীখিনি বিক্ৰী কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ পৰা বেংগালুৰুলৈ লৈ যোৱা হৈছিল ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী

ABOUT THE AUTHOR

...view details