অসম

assam

ETV Bharat / bharat

শত্ৰু ৰাষ্ট্ৰৰ বন্দুক ব্যৱহাৰ কৰি আহিছে মাওবাদীয়ে

শেহতীয়াকৈ মাও অধ্যূষিত বষ্টৰ জিলাত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ জিলাখনত মাওবাদীৰে হোৱা এক সংঘৰ্ষৰ পিচতে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে পাকিস্তান আৰ্মী আৰু নাটো সেনাই ব্যৱহাৰ কৰা HKG3 ৰাইফল ৷

শত্ৰুৰাষ্ট্ৰৰ বন্দুক ব্যৱহাৰ কৰি আহিছে মাওবাদীয়ে

By

Published : Jun 15, 2019, 3:14 PM IST

নিউজ ডেস্ক, 15 জুনঃভাৰতত অবৈধ অস্ত্ৰৰ বেপাৰ মেলিছে চিৰবৈৰী পাকিস্তানে ৷ মাও অধ্যূষিত ছত্তিশগড়ৰ বষ্টৰ জিলাৰ পৰা চি আৰ পি এফ আৰু স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পাকিস্তান সেনাই ব্যৱহাৰ কৰা HKG3 ৰাইফল ৷

শুক্ৰবাৰে নিশাৰ ভাগত সংঘটিত এক সংঘৰ্ষত চাৰিগৰাকী নক্সালবাদীক গুলীয়াই নিধন কৰে নিৰাপত্তা বাহিনীয়ে ৷ সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা HKG3 ৰাইফল, দুটা SLRs আৰু এটা 303 ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ টাডোকী আৰক্ষী চকীৰ অন্তৰ্গত মুন্নাৰ হাবিত ওৰে নিশাই অব্যাহত থাকে এই সংঘৰ্ষ ৷ নিৰাপত্তা বাহিনীৰ এটি এঘাৰজনীয়া দলে এই অভিযানত অংশগ্ৰহণ কৰি এইদৰে সফলতা লাভ কৰে ৷

নক্সালবিৰোধী অভিযানৰ মহানিৰ্দেশক ডিএম অৱস্থীয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ হোৱা HKG3 ৰাইফল পাকিস্তান আৰ্মী আৰু নাটো সেনাই ব্যৱহাৰ কৰি আহিছে ৷ ইয়াৰ পূৰ্বেও অঞ্চলটোৰ পৰা HKG3 ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নিৰাপত্তা বাহিনীয়ে ৷

ABOUT THE AUTHOR

...view details