অসম

assam

By

Published : Nov 4, 2020, 10:06 PM IST

ETV Bharat / bharat

ওড়িশাত সুৰক্ষা বাহিনীয়ে উৎখাত কৰিলে মাওবাদী শিৱিৰ

ওড়িশাৰ মালকানগিৰি জিলাৰ চিত্ৰাকোণ্ডা ব্লকৰ অন্তৰ্ভুক্ত স্বাভিমান আঁচলত বুধবাৰে এটি মাওবাদী শিৱিৰৰ উৎখাত কৰে ওড়িশা আৰক্ষী, অন্ধ্ৰপ্ৰদেশ আৰক্ষী আৰু বিএছএফ জোৱানে ৷ শিৱিৰটোৰ পৰা বহু পৰিমানৰ অস্ত্ৰ, গোলা-বাৰুদ আৰু অন্য সামগ্ৰী উদ্ধাৰ কৰে সুৰক্ষা বাহিনীয়ে ৷

Maoist hideout busted in Odisha's Malkangiri
ওড়িশাত মাওবাদী শিৱিৰ উৎখাত সুৰক্ষা বাহিনীৰ

নিউজ ডেস্ক,4 নৱেম্বৰ : বুধবাৰে ওড়িশাৰ মালকানগিৰি জিলাৰ চিত্ৰাকোণ্ডা ব্লকৰ অন্তৰ্ভুক্ত স্বাভিমান আঁচলত ওড়িশা আৰক্ষী, অন্ধ্ৰপ্ৰদেশ আৰক্ষী আৰু বিএছএফ জোৱানে যৌথভাৱে চলোৱা এক অভিযানত এটি মাওবাদী শিৱিৰ উৎখাত কৰে ৷

ওড়িশাত মাওবাদী শিৱিৰ উৎখাত সুৰক্ষা বাহিনীৰ

সুৰক্ষা বাহিনীয়ে নিৰ্ভৰযোগ্য ইনপুটৰ সৈতে এলেকাটোত তালাচী চলাই মাওবাদী ঠিকনা আৰু ডাম্প উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই তালাচী অভিযানত সুৰক্ষা বাহিনীয়ে অস্ত্ৰ, গোলা-বাৰুদ আৰু অন্য সামগ্ৰী উদ্ধাৰ কৰে ৷

সূত্ৰই জনোৱা মতে,কিছুদিনৰ পৰা মাওবাদীসকলে অস্থায়ী শিৱিৰত আছিল ৷ তেওঁলোকে আক্ৰমণৰ পৰিকল্পনা কৰি আছিল ৷

উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰ সমূহ AOBSZC মাওবাদী কেডাৰৰ বুলি সন্দেহ কৰা হৈছে ৷ তেওঁলোকে এই অস্ত্ৰ শস্ত্ৰসমূহ নাগৰিক আৰু সুৰক্ষা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল ৷

অস্ত্ৰ শস্ত্ৰ সমূহৰ ভিতৰত দুটা SLR,এটা 303 ৰাইফল,9টা SLR ৰাউণ্ড,মেগজিন আৰু অন্য বিষ্ফোৰক সামগ্ৰী থকা বুলি সূত্ৰই জানিবলৈ দিয়ে ৷

শিৱিৰৰ পৰা মাওবাদীসকল পলাই যায় যদিও সীমান্তৱৰ্তী অঞ্চলত সুৰক্ষা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি

ABOUT THE AUTHOR

...view details