অসম

assam

ETV Bharat / bharat

বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত প্ৰাণ হেৰুৱালে ১০৮ গৰাকীয়ে

বৃহস্পতিবাৰে বিহাৰ আৰু উত্তৰ প্ৰদেশত বজ্ৰপাত পৰি নিহত হয় মুঠ ১০৮ গৰাকী লোক । বৃহস্পতিহাৰে মুষলধাৰ বৰষুণ, বতাহৰ লগতে অহা বজ্ৰপাত পৰি বিহাৰত মৃত্যু হয় ৮৩ গৰাকী লোকৰ, তাৰ বিপৰীতে উত্তৰ প্ৰদেশত মৃত্যু হয় ২৫ গৰাকী লোকৰ ।

By

Published : Jun 26, 2020, 8:54 AM IST

বিহাৰ-উত্তৰ প্ৰদেশ
বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাত পৰি ১০৮ গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ২৬ জুনঃ বিহাৰ আৰু উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে বজ্ৰপাতৰ ফলত মৃত্যু হয় মুঠ ১০৮ গৰাকী লোকৰ । বৃহস্পতিবাৰে ৰাজ্য দুখনৰ ভিন্ন প্ৰান্তত মুশলধাৰ বৰষুণ, বতাহৰ লগতে বজ্ৰপাত পৰে । যাৰ ফলত বিহাৰত ৮৩ গৰাকীকৈ ব্যক্তি বজ্ৰপাত পৰি নিহত হোৱাৰ উপৰিও উত্তৰ প্ৰদেশতো ২৫ গৰাকীকৈ ব্যক্তিৰ মৃত্যু হয় । লগতে বহু কেইগৰাকী লোক গুৰুতৰভাৱে আহত হয় বুলিও সদৰি কৰে প্ৰশাসনে ।

বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাত পৰি ১০৮ গৰাকীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জত বজ্ৰপাত পৰি ১৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ছীৱান জিলাত মৃত্যু হয় ৫ গৰাকী লোকৰ । বিহাৰৰ ভিন্ন অঞ্চলত মুঠ ৮৩ গৰাকী লোকৰ বজ্ৰপাত পৰি মৃত্যু হয় বুলি সদৰি কৰে ৰাজ্য চৰকাৰে ।

আনহাতে, উত্তৰ প্ৰদেশত বজ্ৰপাত পৰি ২৫ গৰাকীকৈ লোকৰ মৃত্যু সন্দৰ্ভত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । লগতে মৃত্যু হোৱা ২৫ গৰাকীকৈ ব্যক্তিৰ পৰিয়ালক চাৰি লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰোপৰি উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীৱেন পেটেলে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰাৰ লগতে বজ্ৰপাত পৰি অকাল মৃত্যুক সাৱটা ব্যক্তিৰ পৰিয়াললৈ সমৱেদনা জ্ঞাপন কৰে । লগতে আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : নাওকটাত দুৰ্ঘটনাত পতিত ৰাজনৈতিক নেতাৰ বাহন

ABOUT THE AUTHOR

...view details