অসম

assam

ETV Bharat / bharat

৭৫,০০০ টকাত প্ৰতি কেজি নিলামেৰে অভিলেখ গঢ়িলে অসমৰ চাহে - অভিলেখ ৰচিলে অসমৰ

ধাৰাবাহিকভাৱে তৃতীয় বাৰৰ বাবে অভিলেখ ৰচিলে অসমৰ মনোহাৰী গ'ল্ড চাহপাতে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিছাৰ গ'ল্ডেন টি  প্ৰতি কেজি নিলাম হ'ল ৭৫,০০০ টকাত। ২০১৯ চনত ৫০,০০০টকাত নিলাম হৈছিল মনোহাৰী চাহ বাগিছাৰ গ'ল্ডেন টি।

৭৫,০০০ টকাত প্ৰতি কেজি নিলামেৰে অভিলেখ গঢ়িলে অসমৰ চাহে
৭৫,০০০ টকাত প্ৰতি কেজি নিলামেৰে অভিলেখ গঢ়িলে অসমৰ চাহে

By

Published : Oct 31, 2020, 12:20 PM IST

ডিব্ৰুগড়, ৩১ অক্টোবৰ: মনোহাৰী চাহ বাগিছাত প্ৰস্তুত হোৱা গ'ল্ডেন টিয়ে ভংগ কৰিলে পূৰ্বৰ অভিলেখ। ধাৰাবাহিকভাৱে তৃতীয় বাৰৰ বাবে অভিলেখ ৰচি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৭৫,০০০ টকাত নিলাম হ'ল মনোহাৰী চাহ বাগিছাৰ প্ৰতি কেজি গ'ল্ডেন টি।

২০১৮ বৰ্ষত প্ৰথম বাৰৰ বাবে ৩৯,০০১ টকাত নিলাম হৈছিল প্ৰতি কেজি মনোহাৰী গ'ল্ডেন টি। ২০১৯ চনত এই মূল্য ৫০,০০০টকালৈ বৃদ্ধি হয়। এইবাৰ বিষ্ণু চাহ কোম্পানীটোৱে ৭৫,০০০ টকা দৰত ক্ৰয় কৰিলে প্ৰতি কেজি মনোহাৰী গ'ল্ডেন টি আৰু ই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে। কোম্পানীটোৱে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 'www.9amtea.com' ত বিক্ৰীৰ বাবেগ'ল্ডেন টি ক্ৰয় কৰিছে বুলি জানিবলৈ দিছে।

মনোহাৰী চাহ বাগিছাৰ নিৰ্দেশক পাৰ্থ লোহিয়াই কয় যে, 'এই বৰ্ষত ২.৫ কিলোগ্ৰাম চাহপাত হাতেৰে তৈয়াৰ কৰা হৈছিল। ইয়াৰে ১.২ কিলোগ্ৰাম নিলামত বিক্ৰী হৈছে আৰু অৱশিষ্টখিনি জি টি এ চি লঞ্জসহ কেইখনমান বিশেষ ষ্ট'ৰত যোগান ধৰা হ'ব।'বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহিদা থকা মনোহাৰী গ'ল্ডেন টিৰ মূল্য বছৰি বৃদ্ধি পাইছে।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক

ABOUT THE AUTHOR

...view details