পানাজী (গোৱা), 16 মাৰ্চ: স্বাস্থ্য পৰীক্ষাৰ শেহতীয়া ফলাফল অনুসৰি গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ কথা শনিবাৰে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী কাৰ্যালয়ে (CMO) ৷ ইয়াৰোপৰিও, শনিবাৰে পাৰিকৰ স্বাস্থ্যৰ খৱৰ ল’বলৈ চিকিৎসালয়ত উপস্থিত হ’ল প্ৰাক্তন বিধায়ক সিদ্ধাৰ্থ কুনচালিয়েনকাৰ ৷ পাৰিকৰক সাক্ষাৎ কৰি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক জনাই যে, পাৰিকৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে ৷ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে মন্ত্ৰীগৰাকীক ৷
ক্ৰমাৎ সুস্থ হৈ উঠিছে মনোহৰ পাৰিকৰ - etv bharat
দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ স্বাস্থ্যৰ খবৰ ল’বলৈ উপস্থিত হ’লহি প্ৰাক্তন বিধায়ক সিদ্ধাৰ্থ কুনচালিয়েনকাৰ
etv bharat
মনোহৰ পাৰিকৰ কৰ্কট ৰোগত জটিল পৰ্যায়ত থকাৰ কথা যোৱা 4 মাৰ্চত ঘোষণা কৰিছিল কেবিনেট মন্ত্ৰী বিজয় সৰদেশাইয়ে ৷ তেওঁ লগতে কৈছিল যে, পাৰিকৰে তথাপিও ৰাজ্যবাসীৰ হৈ কাম কৰি যাব ৷ যোৱা বৰ্ষৰ পৰাই পাৰিকৰে গোৱা, মুম্বাই, দিল্লী আৰু নিউয়ৰ্কত আদি বিভিন্ন চিকিৎসালয়সমূহৰ পৰা চিকিৎসা গ্ৰহণ কৰি আছে ৷ শেহতীয়া খৱৰ অনুসৰি অৱশেষত তেখেতৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ কথা জানিব পৰা গৈছে ৷