নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : কেৱল ৫৬ ইঞ্চিৰ বুকু দেখুৱাই পাঁচবছৰে শাসনৰ গাদীত দপদপালে মোডীয়ে । কিন্তু মোডীৰ কোনো প্ৰকৃত স্বৰূপনাই। মোডীক কটাক্ষ কৰি এই মন্তব্য কংগ্ৰেছী নেতা শশী থাৰুৰৰ।
মোডীৰ কোনো প্ৰকৃত স্বৰুপ নাই : শশী থাৰুৰ
৫৬ ইঞ্চিৰ বুকু দেখুৱাই পাঁচবছৰে শাসনৰ গাদীত দপদপালে মোডীয়ে : থাৰুৰ
বিভিন্ন মাধ্যমত বৰ্তমানে চলি থকা'এক্সচিডেণ্টেল আৰু পেৰাডক্সিকেল প্ৰাইম মিনিষ্টাৰ' অৰ্থাৎ নামমাত্ৰ আৰু যশস্যাপূৰ্ণ প্ৰধানমন্ত্ৰীৰ মাজত এটা পাৰ্থক্য প্ৰদৰ্শনৰ অৰ্থে এই মন্তব্য আগবঢ়াই থাৰুৰে। তেওঁৰ মতে, প্ৰাক্তন মন্ত্ৰী মনমোহন সিঙক বহুতে পৰিস্থিতিৰ গ্ৰাসত পৰি নামমাত্ৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা বুলি উপলুঙা কৰিছে যদিও মনমোহন সিঙ ভাৰতৰ এজন সুযোগ্য প্ৰধানমন্ত্ৰী আছিল। কেন্দ্ৰত ১০বছৰ শাসনে ভাৰতৰ অৰ্থনৈতিক দিশত এটা নতুন অধ্যায়ৰ সূচনা কৰিছিল বুলিও প্ৰকাশ কৰে থাৰুৰে। আনহাতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোডীয়ে কেৱল নিজৰ দৃঢ়তা আৰু যশস্যা প্ৰতিপন্ন কৰাতেই ব্যস্ত আছে। মনমোহন সিঙৰ শাসনত ১০ বছৰ ভাৰতৰ সুখৰ কাল আছিল বুলিও অভিহিত কৰে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে।