অসম

assam

ETV Bharat / bharat

মণিপুৰৰ প্ৰথমটো কোৱাৰেণ্টাইন কেচুৱাৰ জন্মঃ নাম ইমানুৱেল কোৱাৰেণ্টাইনো - মণিপুৰৰ কাংপোক্পি জিলা

মণিপুৰৰ কাংপোক্পি জিলাত কোৱাৰেণ্টাইন চেণ্টাৰত ৩১ মে'ত জন্ম লাভ কৰে এটি শিশুৱে। কোৱাৰেণ্টাইন চেণ্টাৰত জন্ম লাভ কৰাৰ বাবে নাম ৰখা হয় 'ইমানুৱেল কোৱাৰেণ্টাইনো'।

Emmanuel Quarantino
Manipur's first quarantine baby named Emmanuel Quarantino

By

Published : Jun 7, 2020, 1:26 PM IST

নিউজ ডেস্ক, ৭ জুনঃ মণিপুৰৰ কাংপোক্পি জিলাত কোৱাৰেণ্টাইন চেন্টাৰত জম্ন হ'ল এটি শিশুৰ। ৩১ মে'ত পুৱা প্ৰায় ৯.৪৫ কোৱাৰেণ্টাইন চেন্টানত জন্ম হৈছিল শিশুটিৰ। চিকিৎসক থাংমিনলুন সিংচন আৰু নেংগপিলিং মিচাওৰ তত্ত্বাৱধানত জন্ম হয় শিশুটিৰ । কোৱাৰেণ্টাইন চেন্টানত জন্ম লাভ কৰা শিশুটিৰ নাম ৰখা হয় 'ইমানুৱেল কোৱাৰেণ্টাইনো'।

কোভিড ১৯ লকডাউনৰ বাবে ২৭ মে'ত গোৱাৰ পৰা বিশেষ ৰেলযোগে মণিপুৰলৈ উভতি আহিছিল চেইলুংথাং খোংচাই আৰু নেংগনিহাট খোংচাইয়ে । তেতিয়াৰ পৰাই পাইপি গাঁওৰ ইমানুৱেল বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল দম্পত্তিহাল । কাংপোক্পি জিলাৰ কালাপাহাৰস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মিচাওই প্ৰকাশ কৰে এই কথা।

চিকিৎসক উল্লেখ কৰা অনুসৰি সম্প্ৰতি সুস্থ অৱস্থাত আছে মাতৃ আৰু নৱজাতক। লগতে, ৩০ মে'ত দম্পত্তিহালৰ কোভিড ১৯ পৰীক্ষা কৰা হৈছিল যদিও দুয়োটাৰে ফলাফল নিগেটিভ আহে। ইতিমধ্যে মাতৃ-পিতৃ আৰু শিশুটিক পুনৰ কাংপোক্পি জিলাৰ চংলংস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিওৱা হৈছে। কোৱাৰেণ্টাইন চেণ্টাৰতে স্বাস্থ্যকৰ্মীয়ে মাতৃ আৰু শিশুটিৰ চোৱা-চিতা কৰি আছে।

ABOUT THE AUTHOR

...view details