নেশ্যনেল ডেস্ক, 13 মে' : মনিপুৰৰ সেনাপতি জিলাৰ এখন গাঁৱৰ আৱাসীসকলে 80 টা ঘৰক কোৱাৰেন্টাইন চেন্টাৰ হিচাপে নিৰ্মাণ কৰি উলিয়াইছে ৷ লকডাউনৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অঞ্চলটোলৈ প্ৰত্যাৱৰ্তন কৰা লোকৰ বাবে এই কোৱাৰেন্টাইন চেন্টাৰসমূহ সাজি উলিওৱা হৈছে ৷ বুধবাৰে মনিপুৰৰ এজন চৰকাৰী বিষয়াই এই কথা প্ৰকাশ কৰে ৷
ইম্ফলৰ পৰা 112 কিল'মিটাৰ নিলগৰ তুংজয় গাঁৱত অহা পাঁচদিনৰ ভিতৰত ৰাজ্যখনত উপস্থিত হ'বলগা লোকসকলৰ বাবে প্ৰাথমিক সুবিধা সমূহ উপভোগ্য হোৱাকৈ এই ঘৰসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছে ৷
গাঁওখনত গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত গাঁও কৰ্তৃপক্ষক প্ৰশংসা আগবঢ়াইছে মুখ্যমন্ত্ৰী এন.বিৰেন সিঙে ৷
টুইটাৰৰ জৰিয়তে সিঙে কয়, "অন্যান্য ৰাজ্যৰ পৰা আহিবলগা লোকৰ বাবে 80 টা ঘৰ কোৰান্টাইন চেন্টাৰ হিচাপে নিৰ্মাণ কৰি উলিয়াইছে তুংজয় গাঁওবাসীয়ে ৷ মই তেওঁলোকক ছালাম জনাইছো ৷ প্ৰতিটো ঘৰতে এজনকৈ লোকক ৰখা হ'ব আৰু প্ৰতিটো ঘৰত থাকিব বিচনা, পৃথক শৌচাগাৰ, গেছ টেবুল, বিদ্যুৎ যোগান ৷ ইয়াৰোপৰি প্ৰদান কৰা হ'ব পানীৰ যোগান ৷"
মুখ্যমন্ত্ৰী সিঙে পূৰ্বে মন্তব্য কৰিছিল যে, দেশৰ বিভিন্ন অঞ্চলত প্ৰায় 40,000 মনিপুৰী লোক আৱদ্ধ হৈ আছে ৷