নিউজ ডেস্ক, 2 এপ্ৰিল :দিল্লীৰ মাৰ্কজত থকা নিজামউদ্দিন দৰগাহত অনুষ্ঠিত তবলিগৰ-ই-জামাতত অংশ লোৱা মণিপুৰৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ বৰ্তমানলৈ ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈছে দুগৰাকী লোক ৷ বহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সদৰী কৰে এই কথা ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ বাবে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা ঘটনাটো অতিকৈ দুখৰ আৰু গুৰুত্বপূৰ্ণ ৷
ৰাজ্যখনৰ ক'ভিড-19ৰ কন্ট্ৰ'ল ৰুমৰ পৰা জনোৱা অনুসৰি নিজামউদ্দিনৰ ধৰ্মীয় সভাত অংশ লৈ মণিপুৰলৈ 10 জন লোক উভতি আহিছে আৰু ইয়াৰে আঠগৰাকী স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে ৷