নিউজ ডেস্ক, 26 অক্টোবৰ :মণিপুৰৰ সেনাপতি জিলাত বিগত 23 অক্টোবৰত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে জিলাখনত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে ৷ জিলাখনৰ মাজেৰে যোৱা 2নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে ৷
ৰাষ্ট্ৰীয় ঘাইপথটোৰ চোৱাচিতাৰ দায়িত্বত থকা বিআইপিএল নামৰ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ সংস্থাৰ প্ৰকল্প মেনেজাৰ জয়চনে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে তেওঁ জনায় যে, বৰ্তমানে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যোগাযোগ সুচল কৰি তুলিবলৈ স্থানীয় প্ৰশাসনে কাম কৰি আছে ৷ কিন্তু এই কামত বাধাৰ সৃষ্টি কৰিছে প্ৰতিকূল বতৰে ৷