নিউজ ডেস্ক, 18 জুলাই : মণিপুৰ আৰক্ষীত অঘটন ৷ ৰাজ্যখনৰ আৰক্ষী বিভাগৰ অতিৰিক্ত মহানিৰ্দেশক অৰবিন্দ কুমাৰৰ আত্মহত্যাৰ চেষ্টা ৷
শনিবাৰে দিনৰ ভাগত আইপিএছ বিষয়াগৰাকীয়ে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মুৰত গুলিয়াই আত্মহত্যাৰ চেষ্টা কৰে ৷ ইম্ফলত সংঘটিত এই ঘটনাৰ পিচতেই সংকটজনক অৱস্থাত বিষয়াগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
1992 চনৰ ৰাজস্থান কেডাৰৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে মণিপুৰৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত মহানিৰ্দেশক হিচাপে দায়িত্বৰত আছিল ৷ ঘটনাৰ সময়ত ইম্ফলৰ দ্বিতীয় মণিপুৰ ৰাইফলছ কমপ্লেক্সস্থিত নিজা চৰকাৰী আৱাসত আছিল বিষয়াগৰাকী ৷ কি কাৰণত বিষয়াগৰাকীয়ে এইদৰে আত্মহত্যাৰ চেষ্টা কৰে সেয়া জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক :22 জুলাইত শপত গ্ৰহণ কৰিব অসমৰ তিনি নৱ নিৰ্বাচিত সাংসদে