অসম

assam

By

Published : Jun 8, 2020, 9:06 PM IST

ETV Bharat / bharat

লাইন অৱ এক্সুৱেল কন্ট্ৰল আৰু ইয়াৰ ব্যৱস্থাপনা

ভাৰত-চীন সীমান্ত লাইন অৱ এক্সুৱেল কন্ট্ৰলত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পিচতে ইয়াৰ ব্যৱস্থাপনাক লৈ এই প্ৰৱন্ধটো লিখি উলিয়াইছে লেফ. জেন. ডিএছ হুডাই ৷ তলত ইয়াৰ অসমীয়া ভাৱান্তৰ আগবঢ়োৱা হ'ল ৷

লাইন অৱ এক্সুৱেল কন্ট্ৰল আৰু ইয়াৰ ব্যৱস্থাপনা
লাইন অৱ এক্সুৱেল কন্ট্ৰল আৰু ইয়াৰ ব্যৱস্থাপনা

শেহতীয়াকৈ সকলোৰে নজৰ ভাৰতৰ উত্তৰ সীমান্তৰ লাডাখত নিৱদ্ধ হৈ আছে, য'ত কিছুদিনৰ পৰাই লাইন অৱ এক্সুৱেল কন্ট্ৰলক লৈ ভাৰতীয় স্থলসেনা আৰু চীনা সৈন্যৰ মাজত সংঘাতপূৰ্ণ স্থিতি অব্যাহত আছে ৷ দুয়োখন দেশৰ মাজৰ এই সংঘাত শান্তিপূৰ্ণ বাতাবৰণৰ মাজেৰে সমাধান হ'ব বুলি আশা কৰা হৈছিল যদিও আশা কৰা ধৰনে ইয়াৰ কোনো সমিধান ওলোৱা নাই ৷ বহুতেই সীমান্তত উদ্ভৱ হোৱা স্থিতিক লৈ লিখিছে যদিও মই এই লেখনিৰ দ্বাৰা লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ ব্যৱস্থাপনাৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো ৷

2019ত এলএচিত চীনৰ দ্বাৰা 663 বাৰ অনাধিকাৰ প্ৰৱেশৰ ঘটনা সংঘটিত হৈছিল ৷ দি ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱাধৰণে, 2018 চনৰ 404টা অনাধিকাৰ প্ৰৱেশৰ তুলনাত এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈছে ৷ 1975 চনৰ পিচৰ পৰা এলএচিত এটাও গুলি ফুটা নাই আৰু আমি ইয়াক লৈ প্ৰায়েই আশ্বস্ত হৈ থাকো ৷ কিন্তু সীমান্তত দুয়োপক্ষৰ মাজত শেহতীয়াকৈ সংঘটিত হৈ থকা ঘটনাৰ পৰা এই শান্তি ভংগ হোৱা লগতে অনাহক সংঘাত সৃষ্টি কৰিব পাৰে ৷ বৰ্তমান সময়ত সীমান্ত ব্যৱস্থাপনাৰ নীতি আৰু নিৰ্দেশনাসমূহ পুনৰীক্ষণ কৰাৰ সমান্তৰালকৈ লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ স্বকীয়তা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

কাৰ্গিল পুনৰীক্ষণ কমিটীৰ পিচত গঠন কৰা মন্ত্ৰীমণ্ডলীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাকে ধৰি সীমান্ত ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ কৰিছিল ৷ কমিটীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা প্ৰতিবেদনত উল্লেখ কৰিছিল যে, "একে সময়তে একেটা সীমান্তৰ দায়িত্বত এটাতকৈ অধিক বাহিনীক অৰ্পন কৰা হৈছে যাৰ ফলত আদেশ আৰু পৰিচালনাক লৈ সঘনাই প্ৰশ্ন উত্থাপন হৈ আছিল ৷ এটা সীমাত বহুকেইটা বাহিনীৰ নিয়োগে বাহিনীসমূহৰ দায়বদ্ধতা কম কৰি তোলাৰ সম্ভাৱনা থাকে ৷ সীমান্তত সুৰক্ষা বাহিনী নিয়োগ কৰাৰ সময়ত দায়বদ্ধতা নিশ্চিত কৰিবলৈ এক সীমা এক বাহিনী নীতি পালন কৰা উচিত ৷"

বৰ্তমানে, স্থলসেনা আৰু আইটিবিপিয়ে এলএচিত নিয়োজিত হৈ আছে আৰু তহল, নিৰীক্ষণ আৰু অনাধিকাৰ প্ৰৱেশৰ কাৰ্যত বাধা প্ৰদান কৰি আহিছে ৷ সীমান্ত ব্যৱস্থাপনাৰ দায়িত্ব আইটিবিপিৰ ওপৰত ন্যস্ত কৰা হৈছে, কিন্তু ডেপচাং, চুমাৰ নাইবা ডোকলাম অথবা বৰ্তমানে সংঘটিত হৈ থকা ঘটনাৰ দৰে কোনো মুখামুখিৰ ঘটনা সংঘটিত হ'লে, তাৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰাথমিকভাৱে আগত থাকে ভাৰতীয় স্থলসেনা ৷ লাইন অৱ এক্সুৱেল কন্ট্ৰলত চীনৰ সৈতে হোৱা সকলো আলোচনাত সেনাৰ বিষয়াই আগভাগ লৈ আহিছে ৷

এক অমীমাংসিত সীমাত থকা দুটা পৃথক পৃথক সক্ষমতাৰ বাহিনী, দুয়োটাই পৃথক পৃথক মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত, যিয়ে সম্পদক ক্ষতিগ্ৰস্ত কৰি আহিছে আৰু দায়িত্ববোধ প্ৰায় নোহোৱা কৰি তোলাৰ নিচিনা হৈছে ৷ সংঘাতপূৰ্ণ সীমান্তৰ দায়িত্ব অধিক ক্ষমতাসম্পন্ন স্থলসেনাক প্ৰদান কৰি যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণত আনিব পৰা যাব, আৰু আইটিবিপিক স্থলসেনাৰ অভিযানগত নিয়ন্ত্ৰণত ৰাখিব লাগিব ৷ একেধৰণৰ কাৰ্যনীতি পাকিস্তানৰ সৈতে থকা সীমান্ত নিয়ন্ত্ৰণৰেখাত দেখা পোৱা যায় য'ত বিএছএফে সেনাৰ অধীনত কাম কৰি আছে ৷

সীমান্তৰ ওপৰত যথাযথ নিৰীক্ষণ ব্যৱস্থা উন্নত কৰি ৰাখিবৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ভৌগলিক গঠন আৰু বতৰক পাহৰি যাওঁক, ৰাস্তা-পথো নথকাৰ বাবে লাইন অৱ এক্সুৱেল কন্ট্ৰলত আশাকৰা ধৰনে নিৰীক্ষণত ৰখাটো কিছু সীমিত কৰি তুলিছে ৷ 2018ত প্ৰকাশ পোৱা অনুসৰি, চীনে অৰুণাচল সীমান্তৰ সীপাৰে টুটিং অঞ্চলত 1.25 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছে ৷ অতিকে দূৰ্গম এলেকা হোৱাৰ বাবে এই নিৰ্মাণকাৰ্যৰ কাম বহু দিন পিচত স্থানীয় এগৰাকী কিশোৰে লক্ষ্য কৰিছিল আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক জনাইছিল ৷

ৰাডাৰ, দীৰ্ঘ-দুৰত্বৱৰ্তী কেমেৰা আৰু ৰেডিঅ' মনিটৰিং যন্ত্ৰৰ দ্বাৰা সংগঠিত এক বৈদ্যুতিক আৰু ভিছুৱেল সীমান্ত নিৰীক্ষণকাৰী নেটৱৰ্ক গঢ়ি তোলাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ ইয়াক সহায় কৰিবৰ বাবে মানৱযুক্ত আৰু মানৱবিহীন তথা কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত আকাশী নিৰীক্ষণ ব্যৱস্থাৰ সহায় ল'ব লাগিব ৷ লাইন অৱ এক্সুৱেল কন্ট্ৰলত সেনাবাহিনীৰ অসুৰক্ষিত গতিবিধিক নিৰীক্ষণত ৰাখি ইয়াৰ বাবে শীঘ্ৰ আৰু যথাযথ উত্তৰ প্ৰদান কৰিবলৈ পৰিকল্পনা কৰাত ইয়ে সহায় কৰিব ৷ যেতিয়াই চীনা সৈন্যই লাইন অৱ এক্সুৱেল কন্ট্ৰল পাৰ কৰিব, আমি বিপদৰ সন্মুখীন হ'ব লাগিব যিটো আমি শেহতীয়াকৈ পাংগং ছ'ত দেখি আছো ৷

এয়া ভাৰত আৰু চীন দুয়োখন দেশৰ বাবে লাইন অৱ এক্সুৱেল কন্ট্ৰলত সংঘটিত হৈ থকা ঘটনাসমূহ পুনৰীক্ষণ কৰিবলৈ নীতি-নিৰ্দেশনাসমূহ পুনৰ নিৰ্ধাৰণ কৰাটো জৰুৰী হৈ পৰিছে ৷ ইয়াৰ বাবে বহুটো চুক্তি স্বাক্ষৰিত হৈ সেয়া কাগজতে আৱদ্ধ হৈ থাকিল, বলৱৎ হোৱাটো দুৰৰে কথা লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ ঘটনাৰাজি এতিয়াও নিয়ন্ত্ৰণত অহা নাই ৷ এইসকলো দিশ বিফল হোৱাৰ পিচত ইয়াক খণ্ডন কৰাৰ ঘটনাসমূহ বৃদ্ধি পাব লৈছে ৷ যাৰ ফলত সৈনিকসকলে মিলিটাৰী ফেশ্বন পাহৰি, অকথ্য বাৰ্তালাপত লিপ্ত হোৱাকে ধৰি ইজনে সিজনৰ ওপৰত জপিয়াই পৰিছে ৷

যিসমূহ অঞ্চলক বিবাদমান বুলি ধৰা হৈছে সেইসমূহ অঞ্চলত তহল দিয়াৰ নতুন নীতিৰে আমি এইকাৰ্য আগবঢ়াই নিব পাৰো ৷ এয়া তহল স্থগিত ৰখাৰ লগতে দুয়োপক্ষৰ উমৈহতীয়া তহল দুয়োটাই হ'ব পাৰে ৷ সকলো অঞ্চলতে এটা সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ নহ'লেও, দুয়োপক্ষৰ মাজত সঘনাই ঘটি থকা মুখামুখি কমাই আনি এক শান্তিপূৰ্ণ লাইন অৱ এক্সুৱেল কন্ট্ৰল আমাক দিব পাৰে ৷ ইয়াৰ লগতে এই অঞ্চলত দুয়োপক্ষৰ সৈনিকসকলৰ মাজত এক কঠোৰ ব্যক্তিগত পৰিচ্ছন্নতাৰ নীতি আৰোপ কৰিব লাগিব ৷ মেন ইন ইউনিফৰ্মত ইজনে সিজনক লাঠিৰে আঘাত কৰা দৃশ্যটো চাবলৈ দুখজনক ৷

আমাৰ উত্তৰ সীমান্তৰ সংঘাতে ভাৰত আৰু চীন দুয়োখন দেশকে ক্ষতিগ্ৰস্ত কৰিব ৷ অৱশ্যে, সংঘৰ্ষৰ একমাত্ৰ বিপদে চীনা সৈন্যক আমাৰ লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ ব্যৱস্থাপনা ক্ষতিগ্ৰস্থ কৰিবলৈ ধৰি ৰাখিব নোৱাৰে ৷ এইসমূহ অন্তৰাল শীঘ্ৰেই সমাধান কৰাটো অতিকে জৰুৰী হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details