নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ :মহাৰাষ্ট্ৰৰ নেকনুৰ অঞ্চলৰ বিড জিলাত এগৰাকী মহিলাক এছিড আক্ৰমণ কৰাৰ লগতে পেট্ৰল ঢালি জ্বলাই দিয়া হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
আৰক্ষীৰ তথ্য অনুসৰি, 13 নৱেম্বৰৰ দিনা এই ঘটনা সংঘটিত হয় ৷ ঘটনাৰ সংঘটিত হোৱাৰ পাচতে মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখে ঘটনা সম্পৰ্কত হস্তক্ষেপ কৰি ফাষ্ট ট্ৰেক আদালতক সমগ্ৰ ঘটনাৰ নিৰীক্ষণ কৰাৰ নিৰ্দেশ দিছে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, অভিযুক্তক ইতিমধ্যে আটক কৰা হৈছে ৷
আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত পূৰ্বেই এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ এটা দলক নিৰ্দেশ প্ৰদান কৰিছে ৷ দেশমুখে টুইটাৰৰ জৰিয়তে কয়, "অভিযুক্তক আটক কৰা হৈছে ৷ ফাষ্ট ট্ৰেক আদালতক ঘটনাৰ দায়িত্ব দিয়া হৈছে যাতে দোষীয়ে কঠোৰতম শাস্তি লাভ কৰে ৷ মই ঘটনাটো ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি আছো ৷"
লগতে পঢ়ক :ৰাজস্থানত মাকক ধৰ্ষণ কৰি কন্যাক জীৱন্তে অগ্নিসংযোগ