নেশ্যনেল ডেস্ক, 24 ছেপ্তেম্বৰ:কৰ্ণাটকৰ দক্ষিণ কন্নড় জিলাৰ এগৰাকী লোকে বৃহস্পতিবাৰে নিজ পত্নী আৰু আত্মীয় এগৰাকী মহিলাৰ গাত এছিড ঢালে ৷ যাৰ ফলত দুয়োগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক স্থানীয় লোকে নিকটৱৰ্তী চিকিৎসালয়লৈ নিয়া হয় ৷
দুয়োগৰাকী মহিলাক পোনপ্ৰথমে নেল্যাদী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷ তাৰ পৰৱৰ্তী সময়ৰ চিকিৎসাৰ বাবে তেওঁলোকক মাগালুৰুৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷