নিউজ ডেস্ক, ২ জুন : তেলেংগানাৰ ৱাৰাংগল জিলাত দুদিন ধৰি কুঁৱাত পৰি থকা এজন লোকক শনিবাৰে উদ্ধাৰ কৰা হয় । উল্লেখ্য যে, ৰাজামোগিলী নামৰ এজন লোকে এখন দুচকীয়া বাহনেৰে গৈ থাকোতে হঠাৎ কুঁৱাটোত পৰি যায় আৰু দুদিন ধৰি সহায় বিচাৰি ৰৈ থাকে ।
তেলেংগানাত দুদিনৰ পাছত কুঁৱাৰ পৰা উদ্ধাৰ এজনক
তেলেংগানাৰ ৱাৰাংগল জিলাৰ ৰাজামোগিলী নামৰ এজন লোক দুদিন ধৰি কুঁৱাত আৱদ্ধ হৈ থকাৰ পাছত শনিবাৰে গাঁৱৰ ৰাইজে উদ্ধাৰ কৰে ।
কুঁৱাৰ পৰা উদ্ধাৰ এজনক
দুদিনৰ পাছত গাঁওখনৰ ৰাইজে ৰচীৰ সহায়ত তেওঁক কুঁৱাৰ পৰা বাহিৰ কৰে । বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লোকজন ।