নিউজ ডেস্ক, 4 এপ্ৰিল :গুজৰাটৰ পালনপুৰৰ এগৰাকী 42 বছৰীয়া ব্যক্তিক 14 দিনৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখাৰ মাজতে তেওঁ আত্মহত্যা কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ বিনোদভাই পুৰুষোত্তম চৌৰাছিয়া নামৰ লোকজনক যোৱা 20 মাৰ্চত কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছিল ৷ আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে লোকজনৰ কোৱাৰেন্টাইনৰ সময়সীমাৰ অন্ত পৰে আৰু চিকিৎসকৰ পৰীক্ষাত কৰ'ণাৰ উপস্থিতি ধৰা নপৰে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, পৰিয়ালৰ বিভিন্ন কন্দল আৰু সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছিল ব্যক্তিগৰাকী ৷ চৌৰাছিয়াৰ মৌবি জিলাত ব্যৱসায় আছিল আৰু তেওঁৰ পৰিয়াল আছিল পালনপুৰত ৷ কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশজুৰি ঘোষণা কৰা লক্ ডাউনৰ সময়ত তেওঁ ঘৰলৈ উভতি আহিছিল আৰু স্বাস্থ্যবিভাগে তেওঁক কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল ৷