নিউজ ডেস্ক, 1 জানুৱাৰী :কেৰালা আৰক্ষীয়ে ৰাস্তাৰ বন চাফা কৰিবলৈ এজন ব্যক্তিক নিয়োগ কৰিছিল; কিন্তু দুৰ্ভাগ্যবশত লোকজন দুৰ্ঘটনাত পতিত হোৱাৰ তথ্য আহি পৰিছে ৷ দুৰ্ঘটনাত পতিত হোৱা লোকজন বায়নাড অঞ্চলৰ কল্লাচীৰ নিৱাসী মহম্মদ ইদৰিকন্দী বুলি জানিব পৰা গৈছে ৷
কেৰালা আৰক্ষীয়ে নিয়োগ কৰা শ্ৰমিক দুৰ্ঘটনাগ্ৰস্ত
কেৰালাত সংঘটিত হৈছে দুৰ্ঘটনা ৷ আৰক্ষীয়ে ৰাস্তাৰ কাম কৰিবলৈ নিয়োগ কৰা শ্ৰমিকক বিপৰীত দিশৰ পৰা বাহনে মহতিয়াই নিয়ে ৷
কেৰালা আৰক্ষীয়ে নিয়োগ কৰা শ্ৰমিক দুৰ্ঘটনাগ্ৰস্ত
উক্ত ঘটনাটো বুধবাৰে কেৰালাৰ বায়নাড জিলাৰ মুলীথোড্ড অয়িলমূলা ৰাস্তাত সংঘটিত হৈছে ৷ ৰাস্তাত বন চাফা কৰি তাঁৰ সংযোগ কৰি থকাৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন বাহনে লোকজনক মহতিয়াই নিয়ে ৷ লগে লগে লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আনহাতে, শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান লোকজনৰ স্বাস্থ্য উন্নত ৷
লগতে পঢ়ক :ব্যতিক্ৰমী কৌশলেৰে বীজ সংৰক্ষণ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মহান বৰাৰ