নিউজ ডেস্ক,৩ জুনঃ উত্তৰপ্ৰদেশত মঙলবাৰে চাঞ্চল্যকৰ আত্ম্যহতাৰ ঘটনা সংঘটিত হয়। এজন লোকে নিজৰ ভনী-জোঁৱায়েকক হত্যা কৰি নিজেই আত্মহত্যা কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
ঘটনা অনুসৰি মহিলা গৰাকীৰ স্বামীৰ লগত কিছু মনোমালিন্য হৈছিল ।তাকে দেখি ককায়েকে সহ্য কৰিব পৰা নাছিল । কিছু দিনৰ আগতে ভনী-জোঁৱায়েকে ঘৰলৈ পঠাই দিছিল কাজিয়া লাগি। ভনীয়েকৰ লগত স্বামীৰ দুঃব্যৱহাৰ দেখি ৰাহুলে সহ্য কৰিব নোৱাৰি জোৱায়েকক হত্যা কৰি নিজেও আত্মহত্যা কৰে বুলি আৰক্ষীয়ে সদৰি কৰে ।