অসম

assam

By

Published : Jul 31, 2019, 5:12 PM IST

ETV Bharat / bharat

বিহাৰত ভাৰত-বিৰোধী হোৱাটছ এপ গ্ৰুপৰ এডমিন গ্ৰেপ্তাৰ

বুধবাৰে বিহাৰৰ চম্পাৰণ জিলাত এগৰাকী যুৱকক ভাৰত-বিৰোধী কাৰ্যত লিপ্ত থকাৰ বাবে গ্ৰেপ্তাৰ কৰে বিহাৰ আৰক্ষীয়ে ৷ যুৱকজনে দীৰ্ঘদিনৰ পৰা "Pakistan Zindabad" নামে এটা হোৱাটছ গ্ৰুপ চলাই ভাৰতীয় যুৱকসকলক ভাৰত বিৰোধী কাৰ্যত লিপ্ত হ'বলৈ উৎসাহিত কৰি আহিছিল ৷

বিহাৰত গ্ৰেপ্তাৰ ভাৰত-বিৰোধী হোৱাটছ এপ গ্ৰুপৰ এডমিন

নিউজ ডেস্ক, 31 জুলাইঃ বিহাৰৰ চম্পাৰণ জিলা আৰক্ষীয়ে ভাৰত বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷ ৰাজ্যখনৰ পশ্চিম চম্পাৰণ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 22 বছৰীয়া ছাদ্দাম কুৰেশ্বী নামৰ যুৱকজনক ৷ এই কথা প্ৰকাশ কৰিছে পশ্চিম চম্পাৰণ জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত কান্তে ৷

বিহাৰত গ্ৰেপ্তাৰ ভাৰত-বিৰোধী হোৱাটছ এপ গ্ৰুপৰ এডমিন

দীৰ্ঘদিন ধৰি যুৱকজনে চলাই আহিছিল 'Pakistan Zindabad' নামে এক হোৱাটছ এপ গ্ৰুপ ৷ ছ'চিয়েল মিডিয়াত এই গ্ৰুপটোৰ দ্বাৰাই বিভিন্ন যুৱকক সন্ত্ৰাসবাদৰ প্ৰতি উৎসাহিত কৰাৰ লগতে ভাৰত-বিৰোধী কাৰ্যত লিপ্ত হ'বলৈ নিৰ্দেশনা প্ৰদান কৰি আহিছিল যুৱকজনে ৷ অৱশেষত বিহাৰ আৰক্ষীৰ চোৰাংচোৱা তথা তথ্য-প্ৰযুক্তি বিভাগে যুৱকজনৰ গতি-বিধি নিৰীক্ষণ কৰি অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে দিনৰ ভাগত জিলাখনৰ নাজনী চ'কৰ পৰা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে ছাদ্দাম কুৰেশ্বীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ লগতে ছাদ্দাম কুৰেশ্বীয়ে ব্যৱহাৰ কৰা ম'বাইল ফোনটো জব্দ কৰিছে ৷

ABOUT THE AUTHOR

...view details