অসম

assam

ETV Bharat / bharat

মমতা বেনাৰ্জীয়ে মুকলি কৰিব ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ আৱক্ষ মূৰ্তি

মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যাসাগৰ মহাবিদ্যালয়ৰ পূৰ্বৰ স্থানতে মুকলি কৰিব মূৰ্তিটো ৷ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ পঞ্চ ধাতুৰ মূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ নাকচ কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷

By

Published : Jun 11, 2019, 10:57 AM IST

MAMTA

ক'লকাতা,11 জুন : ৰাজনৈতিক হিংসাৰ ফলত ধ্বংসপ্ৰাপ্ত হোৱা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি পুনৰ মুকলি কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ঘোষণা অনুসৰি 11 জুনৰ দিনৰ ভাগত তেওঁ এই প্ৰতিমূৰ্তি মুকলি কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ব্ৰঞ্জৰ আন এটা মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে ৷ মূৰ্তি নিৰ্মাণৰ উপৰিও বিদ্যাসাগৰৰ 200 তম জন্মজয়ন্তী চৰকাৰীভাৱে আয়োজন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, 14 মে'ত কলকাতাত অমিত শ্বাহৰ ৰ'ড শ্বৰ সময়চোৱাত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত হৈছিল বিদ্যাসাগৰ মহাবিদ্যালয়ৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ আৱক্ষ মূৰ্তি৷ পৰৱৰ্তী সময়ত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ পঞ্চ ধাতুৰ মূৰ্তি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাকচ কৰিছিল এই প্ৰস্তাৱ ৷ তেওঁৰ ৰাজ্যৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ অৰ্থৰ অভাৱ হোৱা নাই বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details