অসম

assam

By

Published : Dec 30, 2019, 6:44 PM IST

ETV Bharat / bharat

বিজেপি চৰকাৰক সৰ্বত্ৰে বহিষ্কাৰৰ আহ্বান মমতা বেনাৰ্জীৰ

সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে সকলো ৰাজনৈতিক দল আৰু নাগৰিক সমাজ সমূহ একত্ৰিত হৈ সমগ্ৰ দেশৰ পৰা গেৰুৱা দলটোক বহিস্কাৰ কৰিব লাগে ৷ তেওঁ লগতে কয় যে CAA বাতিল নকৰা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব ৷

Mamata
মমতা বেনাৰ্জী

নিউজ ডেস্ক, 30 ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আন্দোলনকাৰী সকলক বিজেপি চৰকাৰে দেশদ্ৰোহী বুলি মন্তব্য কৰাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক উভতি ধৰে ৷ তেওঁ সকলো ৰাজনৈতিক দল আৰু নাগৰিক সমাজসমূহক একত্ৰিত হৈ সমগ্ৰ দেশৰ পৰা এই গেৰুৱা দলটোক বহিস্কাৰ কৰিবলৈ আহ্বান জনাই ৷ সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে পুৰুলিয়া নগৰত অনুষ্ঠিত হোৱা 5 কিলোমিটাৰ দৈৰ্ঘৰ সমদলৰ পূৰ্বে এই মন্তব্য কৰে ৷

তেওঁ কয় যে বিজেপি চৰকাৰে দেশৰ বৈধ নাগৰিকসকলৰ নাগৰিকত্ব কাঢ়ি নিবলৈ চেষ্টা চলাই আছে ৷ বেনাৰ্জীয়ে কয় যে, তেওঁ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণখন প্ৰস্তুত কৰিবলৈ অনুমতি নিদিয়ে আৰু ইতিমধ্যে তেওঁলোকৰ চৰকাৰে এই এনপিআৰখন স্থগিত কৰিছে ৷ তেওঁ অভিযোগ কৰে যে, বিজেপি চৰকাৰে বৈধ নাগৰিকসমূহৰ নাগৰিকত্ব কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে ৷ ইয়াৰ বাবে সকলোকে একত্ৰিত হৈ সকলো প্ৰান্তৰ পৰা বিজেপিক বহিস্কাৰ কৰিবলৈ আহ্বান জনাই ৷ যিসকল লোকে শান্তিৰে প্ৰতিবাদ কৰি আছে তেওঁলোকক ৰাষ্ট্ৰবিৰোধী সজোৱা হৈছে ৷ CAAখন বাতিল নকৰা পৰ্যন্ত তেওঁ CAA বিৰোধী সংগ্ৰাম চলাই যাব বুলিও বেনাৰ্জীয়ে প্ৰকাশ কৰে ৷ তেওঁ জনসাধাৰণক মাথো ভোটাৰ তালিকাত নিজৰ নাম আছে নে নাই সেই বিষয়ে সুনিশ্চিত হ'বলৈ দিছে আৰু বাকী সমূহ তেওঁ যত্ন কৰিব ৷ তেওঁ কয় যে কোনো লোকে দেশখন এৰি যাবলগীয়া নহয় ৷

লগতে পঢ়ক - গ্ৰেটাৰ নয়দাত ঘন কুঁৱলীয়ে প্ৰাণ ল'লে 6 জনৰ

ABOUT THE AUTHOR

...view details