অসম

assam

ETV Bharat / bharat

মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে মমতাই: দিলীপ ঘোষ - জয় শ্ৰী ৰাম

'জয় শ্ৰী ৰাম' শ্ল'গান দিয়া কিছু লোকক গালি- শপনি পাৰি আতৰাই পঠোৱাৰ পাছতে মমতা বেনাৰ্জীৰ সমালোচনাত মুখৰ হৈ পৰিছে পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী দিলীপ ঘোষ। বেনাৰ্জীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰে ঘোষে ।

দিলীপ ঘোষ

By

Published : Jun 1, 2019, 9:13 AM IST

নিউজ ডেস্ক, ১ জুন : দেওবাৰে পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী দিলীপ ঘোষে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে । ঘোষে কয় যে, 'জয় শ্ৰী ৰাম' শুনাৰ পাছতে তেওঁ খঙাল হোৱাৰ কাৰণ হৈছে তেওঁ হয়তো মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে নহ'লে তেওঁ লোকসভা নিৰ্বাচনত পৰাজয় সহ্য কৰিব পৰা নাই ।

মমতা বেনাৰ্জী

উল্লেখ্য যে, বেনাৰ্জীয়ে বৃহস্পতিবাৰে কলকাতাত 'জয় শ্ৰী ৰাম' শ্ল'গান দি থকা একাংশ লোকক গালি-শপনি পৰাৰ লগতে কৈছিল যে তেওঁলোক বিজেপি দলৰ আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা অপৰাধী ।

ABOUT THE AUTHOR

...view details