নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী:দেওবাৰে পশ্চিমবংগৰ হালদিয়া জিলাৰ মেদিনীপুৰত ৪টা বিশেষ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেল, গেছ আৰু আন্তঃগাঁথনি খণ্ডৰ এই চাৰিটাকৈ প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব পশ্চিমবংগৰ ৰাজ্য়পাল জগদীপ ধনখাৰৰ লগতে বহু বিশিষ্ট ব্য়ক্তি । কিন্তু ৰাজ্য়খনৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিব নে নাথাকে তাকলৈ এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে । বহুতে দাবী কৰা মতে অনুষ্ঠানত মুখ্য়মন্ত্ৰীৰ উপস্থিতিৰ সম্ভাৱনা একেবাৰে ক্ষীণ।
ৰাজ্যিক সচিবালয়ৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে অনুষ্ঠানত মুখ্য়মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰা সম্ভাৱনা নাই । ইয়াৰ কাৰণ সঠিকভাৱে তেওঁ ক'ব নোৱাৰে যদিও শেহতীয়াকৈ মোডীৰ এক অনুষ্ঠানত মুখ্য়মন্ত্ৰীগৰাকীৰ ভাষণৰ পূৰ্বে একাংশ সমৰ্থকে 'জয় শ্ৰী ৰাম' ধ্বনি দিছিল আৰু একপ্ৰকাৰ অপমানিত অনুভৱ কৰিছিল । যাৰ বাবে সম্ভৱত মুখ্য়মন্ত্ৰীগৰাকী এই অনুষ্ঠানত উপস্থিত নাথাকিব বুলি সন্দেহ কৰিছে বিষয়া গৰাকীয়ে । ইফালে তেওঁ জনোৱা মতে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বইও এই অনুষ্ঠানত দলৰ সদস্য়সকলক উপস্থিত নাথাকিবলৈ নিৰ্দেশ দিছে ।