নিউজ ডেস্ক, 24 এপ্ৰিলঃ মমতা বেনাৰ্জীৰ সৈতে সম্পৰ্ক কেনেধৰণৰ? বিৰোধীৰ সৈতে সম্পৰ্ক কেনেধৰণৰ ? অক্ষয় কুমাৰৰ সৈতে হোৱা এক অৰাজনৈতিক আলোচনাত সবিশেষ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
সাংবাদিকৰ ৰূপত বলীউদৰ অভিনেতা অক্ষয় কুমাৰঃমোডীৰ সৈতে বিশেষ সাক্ষাৎকাৰ - মোডীৰ সাক্ষাৎকাৰ
সাংবাদিকৰ ৰূপত বলীউদৰ অভিনেতা অক্ষয় কুমাৰে ল'লে মোডীৰ সাক্ষাৎকাৰ ৷ "মমতা দিদিয়ে প্ৰত্যেকবছৰেই কূৰ্তা পঠিয়ায় ৷ মই পশ্চিমবংগৰ মিঠাই খুবেই ভাল পাওঁ" ৷ নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত অভিনেতা অক্ষয় কুমাৰৰ সৈতে হোৱা অৰাজনৈতিক আলোচনাত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
বিৰোধীৰ সৈতে বন্ধুত্বৰ প্ৰসংগত মোডীয়ে প্ৰকাশ কৰে যে, "বিৰোধী নেতাসকলৰ সৈতে বছৰেকত দুই-এবাৰ লগে-ভাগে ভোজ-ভাতো খাওঁ ৷ বহুসময়ৰ আগৰ কথা সেই সময়ত মই গুজৰাটৰ মুখ্যমন্ত্ৰীও নাছিলো ৷ গুলাম নবী আজাদৰ সৈতে মোৰ কথা বতৰা চলি আছিল,সেই সময়তেই সাংবাদিকে সুধিলে, আপুনিতো RSSৰ মানুহ ৷ সেই সময়তেই আজাদ ডাঙৰীয়াই কলে, আমি সকলোবোৰ পৰিয়ালৰ দৰে ৷ সকলোৱে একেলগে থাকো ৷"
ইয়াৰ পাচতেই বেনাৰ্জীৰ প্ৰসংগ উত্থাপন কৰি মোডীয়ে প্ৰকাশ কৰে যে, মমতা বেনাৰ্জীয়ে প্ৰত্যেক বছৰেই বিশেষ দিনত তেওঁলৈ নিজে পচন্দ কৰা কূৰ্তা পঠিয়ায় ৷ বাংলাদেশৰ পৰাও শ্বেখ হাছিনাই তেওঁলৈ মিষ্টান্ন পঠিয়ায় বুলি অভিনেতাগৰাকীৰ সৈতে হোৱা অৰাজনৈতিক আলোচনাত জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সবিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডী...