অসম

assam

ETV Bharat / bharat

বিশ্ব ভাৰতী বিশ্ববিদ্য়ালয়ৰ মাটি বেদখল অমৰ্ত্য় সেনৰ !

অমৰ্ত্য় সেনসহ বহুলোকে বিশ্ববিদ্যালয়ৰ ভূমি বেদখল কৰি আছে বুলি বিশ্ব ভাৰতী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শেহতীয়াকৈ ৰাজ্য চৰকালৈ এক পত্ৰ প্ৰেৰণ কৰিছে । বিশ্ব ভাৰতীয়ে দিয়া এই অভিযোগৰ পিছতে শান্তিনিকেতনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে , সামাজিক মাধ্য়মটো বহুলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই কাৰ্যকলৈ নেতিবাচক মন্তব্য় কৰিছে ।

বিশ্ব ভাৰতী বিশ্ববিদ্য়ালয়ৰ মাটি বেদখল অমৰ্ত্য় সেনৰ ! বিৰোধীতা মমতা বেনাৰ্জীৰ
বিশ্ব ভাৰতী বিশ্ববিদ্য়ালয়ৰ মাটি বেদখল অমৰ্ত্য় সেনৰ ! বিৰোধীতা মমতা বেনাৰ্জীৰ

By

Published : Dec 25, 2020, 1:09 PM IST

নেশ্য়নেল ডেস্ক , ২৫ ডিচেম্বৰ : পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্য়ালয়ৰ অধীনত থকা মাটি বেদখল কৰাৰ অভিযোগত নাম সাঙোৰ খাই পৰা নবেল বঁটা বিজয়ী তথা অৰ্থনীতিবিদ অমৰ্ত্য় সেনৰ পক্ষত থাকি পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কয় যে বাংলা পণ্ডিতসকলক অপমান কৰা হৈছে । অমৰ্ত্য় সেন, দ্বিজেন মুখাৰ্জীয়ে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন মুক্ত সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল । য'ত মুকলি আকাশ থাকিব, আম থাকিব, তাত পৌষ মেলা হ'ব আৰু মুকলি আকাশৰ তলতে পঢ়া শুনা হ'ব ।

চীন , জাপান ,বাংলাদেশ আৰু বহু দেশে সেই ক্ষেত্ৰত তেওঁলোকৰ আদৰ্শ পালন কৰিছে বুলি মন্তব্য় দিয়ে মুখ্য়মন্ত্ৰী গৰাকীয়ে । কিন্তু এই সকল মহান ব্য়ক্তিক কোনোৱে আক্ৰমণ কৰাটো তেওঁলোকৰ বাবে দুৰ্ভাগ্য বুলি মন্তব্য় কৰে মমতা বেনাৰ্জীয়ে । মমতা বেনাৰ্জীয়ে অমৰ্ত্য় সেনৰ ওপৰত দিয়া এই অভিযোগৰ বিৰুদ্ধে বুদ্ধিজীৱীসকলক প্ৰতিবাদ কৰিবলৈ আৰু তেওঁৰ পক্ষত থাকিবলৈ অনুৰোধ জনাই ।

উল্লেখ যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শেহতীয়াকৈ ৰাজ্য চৰকালৈ এক পত্ৰ প্ৰেৰণ কৰিছে য'ত কোৱা হৈছে অমৰ্ত্য় সেনসহ বহুলোকে বিশ্ববিদ্যালয়ৰ ভূমি বেদখল কৰি আছে । বিশ্ব ভাৰতীয়ে দিয়া এই অভিযোগৰ পিছতে শান্তিনিকেতনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সামাজিক মাধ্য়মটো বহুলোকে বিশ্ববিদ্য়ালয়ৰ এই কাৰ্যকলৈ নেতিবাচক মন্তব্য় কৰিছে ।

লগতে পঢ়ক :অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী : মোডীয়ে উন্মোচন কৰিব বাজপেয়ীক লৈ লিখা গ্ৰন্থ

ABOUT THE AUTHOR

...view details