অসম

assam

NRC আৰু কেবৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন গঢ়ি তুলিব তৃণমূল কংগ্ৰেছে !

By

Published : Dec 7, 2019, 4:55 PM IST

এন আৰ চিৰ বিৰোধিতা কৰিছে তৃণমূল কংগ্ৰেছে ৷ মমতাৰ হুংকাৰ- এন আৰ চিৰ বাবে যদি কোনো লোকে ভাৰতত থকাৰ অধিকাৰ হেৰুৱাই তেন্তে দ্বিতীয় স্বাধীনতা আন্দোলনৰ বাবে জপিয়াই পৰিব তৃণমূল কংগ্ৰেছ ৷

Mamata calls for second freedom struggle against NRC,
এন আৰ চিক লৈ কেন্দ্ৰীয় চৰকাৰক সকিয়নী মমতাৰ

নেচনেল ডেস্ক, 7 ডিচেম্বৰ:এন আৰ চি প্ৰসংগত পুনৰ কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ এন আৰ চিৰ বাবে যদি কোনো লোকে ভাৰতত থকাৰ অধিকাৰ হেৰুৱাই তেন্তে দ্বিতীয় স্বাধীনতা আন্দোলনৰ বাবে জপিয়াই পৰিব তৃণমূল কংগ্ৰেছ ৷

তেঁও কয় যে, পশ্চিম বংগত এন আৰ চিৰ বাবে হতাশাত পৰি 30 জন লোকে মৃত্যুক আঁকেৱালি লৈছে ৷ এই অৱস্থাৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতাসকলক তেওঁ জগৰীয়া কৰিছে ৷ বিজেপি সম্পৰ্কে তেওঁ মন্তব্য কৰি কয় যে, 'তেওঁলোকে কিছুমান উচতনিমূলক ভাষণ দিয়ে ৷ যদি তেনে ভাষণেৰে তেওঁলোকে কাৰোবাক উচতাই আৰু তাৰ বাবে যদি কাৰোবাৰ প্ৰাণৰ প্ৰতি ভাবুকি আহে তেন্তে ইয়াৰ বাবে দায়ী হ'ব একমাত্ৰ বিজেপিৰ নেতাসকল ৷'

তৃণমূল চৰকাৰে পশ্চিম বংগত কেতিয়াও এন আৰ চি প্ৰণয়নৰ বাবে অনুমতি নিদিয়ে ৷ লগতে তৃণমূল দলে ৰাইজক এনে প্ৰচাৰৰ বিৰোধ কৰাৰ আহ্বান জনাইছে ৷

'আমি এন আৰ চি আৰু কেবৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন আৰম্ভ কৰিম ৷ আমি প্ৰথম স্বাধীনতা আন্দোলনত ভাগ ল'ব নোৱাৰিলো, যিয়ে আমাক স্বাধীন কৰিছিল ৷ কিন্তু আমি দ্বিতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিম ৷ আমি এন আৰ চি আৰু কেবৰ বিৰোধিতা কৰিম ৷' তৃণমূল কংগ্ৰেছৰ দ্বাৰা আয়োজিত এক সমদলত এইদৰে মন্তব্য কৰে মমতা বেনাৰ্জীয়ে ৷

কেব সম্পৰ্কে উদ্বিগ্ন হৈ তেওঁ কয় যে, ভাৰতীয় সংবিধানৰ বিৰুদ্ধে গৈ নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত কেনেদৰে কোনোৱে ধৰ্মক লৈ ভেদাভেদ কৰিব পাৰে? অৱশ্যে, ধৰ্ম বা বৰ্ণ নিৰ্বিশেষে যদি প্ৰত্যেককে নাগৰিকত্ব প্ৰদান কৰাটো তেওঁলোকৰ উদ্দেশ্য হয় তেন্তে, তেওঁলোক সকলোৱেই কেব সমৰ্থন কৰিব ৷ লগতে তেওঁ কয়, 'যদি কোনোৱে আমাৰ নাগৰিকত্ব কাঢ়ি নিয়াৰ চেষ্টা কৰে তেন্তে আমি সেইসকল লোকক কাহানিও ৰেহাই নিদিও, আমি এক গণতান্ত্ৰিক প্ৰতিবাদ আৰম্ভ কৰিম ৷'

লগতে পঢ়ক:ৰাজনীতিৰ তিতা-মিঠা ফল

ABOUT THE AUTHOR

...view details