নেশ্যনেল ডেস্ক, 17 জুলাই : পশ্চিম বংগৰ বিজেপিৰ অধ্যক্ষ দিলীপ কুমাৰ ঘোষে বৃহস্পতিবাৰে কয় যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এনে সময়ত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যপালৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত ৷ যিটো সময়ত তেওঁ যুঁজ দিব লাগিছিল COVID-19 মহামাৰীৰ বিৰুদ্ধে ৷
ঘোষে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "COVID-19 আৰু ঘূৰ্ণীবতাহ আমফানৰ ফলত সৃষ্টি হোৱা আতংকই পশ্চিম বংগত গভীৰ সংকটৰ সৃষ্টি কৰিছে ৷ জনসাধাৰণ ইয়াৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে ৷ যিসময়ত COVID-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় আহি পৰিছে সেই সময়ত, মমতা বেনাৰ্জীয়ে ৰাজ্যপাল আৰু কেন্দ্ৰৰ বিৰুদ্ধে যুঁজি দি আছে ৷"
ইয়াৰোপৰি পশ্চিম বংগৰ বিজেপি অধ্যক্ষ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, আৰক্ষীয়েও সমাজৰ লোকৰ বাবে কাম কৰাৰ বিপৰীতে তেওঁৰ দলৰ কৰ্মকৰ্তাসকলক অনুসৰণ কৰিবৰ বাবেহে কাম কৰি আছে ৷
তেওঁ কয়, "লোকৰ সেৱাৰ হকে কাম কৰিবলগীয়া ৰাজ্যৰ আৰক্ষীয়ে বিজেপিক অনুসৰণ কৰি আছে ৷ তেওঁ (মমতা বেনাৰ্জী)ৰ গুন্দা বাহিনীয়ে আমাৰ দলীয় কৰ্মকৰ্তাসকলক হত্যা কৰি আছে ৷ এগৰাকীও বিধায়ক সুৰক্ষিত নহয় ৷ মমতা বেনাৰ্জীয়ে আমাক বিফল কৰি দিছে ৷"