নিউজ ডেস্ক, ২৫ এপ্ৰিলঃপশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ বাস্তৱিক ছবিখন জনসাধৰণৰ আগত তুলি ধৰা নাই বুলি অভিযোগ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল চুপ্ৰিঅ'ৰ । দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰী গৰকীয়ে ।
মন্ত্ৰী গৰাকীয়ে কয়,মমতা বেনাৰ্জীৰ নেতৃত্বধীন চৰকাৰে ৰাজ্যৰ কৰ'ণা ভাইৰাছৰ পৰিস্থিতি চম্ভালাৰ পদ্ধতি লজ্জাজনক । কেন্দ্ৰ চৰকাৰৰ সহায়,ব্যক্তিগত সুৰক্ষাৰ সামগ্ৰী আৰু মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধ কৰাৰ বাবে লোৱা পুঁজি সন্দৰ্ভত পশ্চিমবংগৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগত মিছা মাতি আহিছে ।