অসম

assam

ETV Bharat / bharat

এন আৰ চিঃ মমতাৰ মন ভাৰাক্ৰান্ত - ক্ষোভ প্ৰকাশ মমতাৰ

অসমৰ এন আৰ চি চূড়ান্ত তালিকাত 19 লাখতকৈ অধিক লোক বাদ পৰাৰ পাছতে ক্ষুদ্ধ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ এই সম্পৰ্কত নিজৰ ক্ষোভ প্ৰকাশ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ টুইটাৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "এই বিশৃংখল পৰিস্থিতিৰ স্বীকাৰ হোৱা বাংলাভাষী ভাই - বন্ধু সকলৰ বাবে মোৰ হৃদয় ভাৰাক্ৰান্ত ৷"

অসমৰ এন আৰ চি প্ৰসংগত মমতাৰ টুইট

By

Published : Aug 31, 2019, 11:50 PM IST

নেশ্বনেল ডেস্ক, 31 আগষ্ট : অৱশেষত প্ৰকাশ পালে অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকা ৷ কিন্তু 19 লাখতকৈ অধিক লোক এই তালিকাৰ পৰা বাদ পৰাৰ পাছতে ক্ষুদ্ধ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ এই সম্পৰ্কত নিজৰ ক্ষোভ প্ৰকাশ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ টুইটাৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "এই বিশৃংখল পৰিস্থিতিৰ স্বীকাৰ হোৱা বাংলাভাষী ভাই - বন্ধু সকলৰ বাবে মোৰ হৃদয় ভাৰাক্ৰান্ত ৷"

এই সম্পৰ্কত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, "যিসকল লোকে ৰাজনৈতিক প্ৰচাৰ পোৱাৰ চেষ্টা চলাইছিল, এন আৰ চিৰ ব্যৰ্থতাই তেওঁলোকৰ মুখা খুলিলে ৷ দেশবাসীৰ ওচৰত তেওঁলোকে উত্তৰ দিব লাগিব ৷ দেশ আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থৰ কথা চিন্তা নকৰি গোপন উদ্দেশ্য সিদ্ধিৰ চেষ্টা কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি উল্লেখ কৰে মমতা বেনাৰ্জীয়ে ৷"

ABOUT THE AUTHOR

...view details