অসম

assam

ETV Bharat / bharat

মোডী নহয়, এইবাৰ চাহ বিক্ৰেতাৰ ৰূপত মমতা বেনাৰ্জী - চাহ বিক্ৰেতা

এইবাৰ চাহ বিক্ৰেতাৰ ৰূপত দেখিবলৈ পোৱা গ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷ ৰাজ্যখনৰ দীঘা অঞ্চলৰ এখন চাহ দোকানত সোমাই মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ বনোৱাৰ লগতে স্থানীয় লোকসকলৰ সৈতে আলোচনাত মিলিত হোৱা পৰিলক্ষিত হয় ৷

মোডী নহয়, এইবাৰ চাহ বিক্ৰেতাৰ ৰূপত মমতা বেনাৰ্জী

By

Published : Aug 22, 2019, 4:15 PM IST

নিউজ ডেস্ক, 22 আগষ্টঃ নৰেন্দ্ৰ মোডীৰ পিচতেই এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দেখিবলৈ পোৱা গ'ল চাহ দোকানত ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ স্বভাৱসুলভ ভংগীমাৰে ৰাজ্যখনৰ দীঘা অঞ্চলৰ এখন চাহ দোকানত উপস্থিত হোৱাৰ লগতে নিজ হাতেৰে চাহ বনোৱা পৰিলক্ষিত হয় ৷

মোডী নহয়, এইবাৰ চাহ বিক্ৰেতাৰ ৰূপত মমতা বেনাৰ্জী

দীঘা অঞ্চলৰ দত্তপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্থানীয় লোকসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ পৰৱৰ্তী সময়ত স্থানীয় এখন চাহ দোকানত সোমাই চাহ বনোৱাত ব্যস্ত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নিজ হাতেৰে বনোৱা চাহ স্থানীয় লোকসকলৰ সৈতে গ্ৰহণ কৰি আলোচনাত মিলিত হয় মমতা বেনাৰ্জী ৷ এই সম্বন্ধে মমতা বেনাৰ্জীয়ে দুটাকৈ ভিডিঅ' শ্বেয়াৰ কৰে ৷

ভিডিঅ' দুটাত মুখ্যমন্ত্ৰীগৰাকীয়ে, "কেতিয়াবা জীৱনৰ সৰু ক্ষণবোৰেও আমাক সুখী কৰি তোলে ৷ চাহ বনোৱা আৰু একেলগে গ্ৰহণ কৰা ইয়াৰ ভিতৰত অন্যতম ৷ আজি দীঘাৰ দত্তপুৰ অঞ্চলৰ ৰাইজৰ সৈতে সময় অতিবাহিত কৰিলো ৷" বুলি লিখি দিয়ে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্যতম আৰু শক্তিশালী বিৰোধী নেত্ৰী মমতা বেনাৰ্জী নিজৰ মোডী বিৰোধী স্বভাৱৰ বাবে খ্যাত ৷ কিন্তু শেহতীয়াকৈ স্থানীয় লোকৰ সৈতে চাহ বনাই খোৱা আৰু ইয়াৰ ভিডিঅ' ইন্টাৰনেটত শ্বেয়াৰ কৰা কথাটোৱে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক অধিক চৰ্চালৈ আনিছে ৷

ABOUT THE AUTHOR

...view details