অসম

assam

ETV Bharat / bharat

বিতৰ্কৰ অৱসান ঘটাই মুখামুখি মোদী-মমতা !

দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত মিলিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ উন্নয়নৰ বাবে এক সৌহাদ্যমূলক বৈঠকত মিলিত হয় দুয়োগৰাকী নেতা ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে কোনোধৰণৰ স্থান লাভ নকৰিলে বৈঠকত ৷

By

Published : Sep 18, 2019, 8:44 PM IST

মোদী-মমতা সাক্ষাতৰ মুহূৰ্ত

নিউজ ডেস্ক, 18 চেপ্তেম্বৰ :বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰায় ডেৰঘন্টা যোৰা বৈঠকত মিলিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ বৈঠকৰ অন্তত মমতা বেনাৰ্জীয়ে এইয়া কোনো ৰাজনৈতিক বৈঠক নহয় বুলিও মন্তব্য কৰে ৷

মোদী-মমতা সাক্ষাতৰ মুহূৰ্ত


দুয়োগৰাকী নেতাৰ বৈঠকত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ বিশেষকৈ চুবুৰীয়া ৰাজ্যখনৰ নাম পশ্চিমবংগৰ পৰিৱৰ্তে বাংলা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৷ লগতে বৈঠকত বিগত কেইবছৰত ৰাজ্যখনত আৰ্থিক, কয়লা উৎপাদন, আদিৰ ক্ষেত্ৰত হোৱা দ্ৰুত অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত কোনোধৰণৰ আলোচনা নোহোৱা বুলি উল্লেখ কৰে তৃণমূল নেত্ৰীগৰাকীয়ে ৷

আগন্তুক সময়ছোৱাত প্ৰয়োজন হ'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হ'ব পশ্চিম বংগৰ নেত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

...view details