নিউজ ডেস্ক, 12 চেপ্তেম্বৰঃ বিগত 31 আগষ্টত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিচৰে পৰাই অসমৰ লগতে দেশৰ বিভিন্ন স্থানত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে বিশাল প্ৰতিবাদী সমদলেৰে কলিকতাৰ ৰাজপথ কপাই তোলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমুল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ৷ হাজাৰ-হাজাৰ তৃণমুল সমৰ্থকক লৈ অসমত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কোনো কাৰণতে মানি লোৱা নহ'ব বুলি উল্লেখ কৰে মমতা বেনাৰ্জীয়ে ৷
এনআৰচি অসমত মমতাৰ হাহাকাৰ বেংগলৰ ৰাজপথত ! - Mamata Banerjee leads a protest march
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ কলিকতাৰ ৰাজপথত শ-শ তৃণমুল কৰ্মীক লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কোনো কাৰণতে মানি লোৱা নহ'ব বুলি ঘোষণা কৰে তৃণমুল কংগ্ৰেছৰ অধ্যক্ষ তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
সমদলৰ অন্তত অনুষ্ঠিত হোৱা সভাত নিজৰ ভাষণ প্ৰদান কৰে মমতাই ৷ নিজ ভাষণ প্ৰসংগত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ মুখ বন্ধ কৰাৰ দৰে পশ্চিমবংগবাসীৰ মুখ বন্ধ কৰিব নোৱাৰিব বুলি কয় ৷ ধৰ্মৰ কাৰণে, হিন্দুৰ কাৰণে, মুছলমানৰ কাৰণে, শিখ আৰু খ্ৰীষ্টিয়ানৰ কাৰণে মই এই নাগৰিকপঞ্জী কোনো কাৰণতে মানি ল'ব নোৱাৰো ৷ হঠাতে আমাক ধৰ্মৰ কথা শিকাবলৈ অহা কেন্দ্ৰীয় চৰকাৰে নাজানেই যে, আমি ঈদ, দুৰ্গা পূজা, মহৰম আৰু চট পূজা পালন কৰি আহিছো ৷ হিন্দু, মুছলমান, বৌদ্ধকে ধৰি সৰ্বমুঠ 19 লাখ মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিলে ৷ স্বাধীনতাৰ 76 বছৰ পিচত হঠাত কিয় আমি আমাৰ নাগৰিকত্বৰ প্ৰমাণ প্ৰদান কৰিব লাগে, কিহৰ ভিত্তিত আমি আমাৰ স্বকীয় পৰিচয় দাঙি ধৰিম, কিয়?, এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত প্ৰকাশৰ পিচতেই ৰাজ্যৰ 19 লাখ মানুহৰ নাম তালিকাৰ পৰা বাদ পৰে ৷ ইয়াৰে ভিতৰত অধিকাংশই ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণ হোৱাৰ বিপৰীতে সেনা, অৰ্ধসামৰিক বাহিনীৰ লগতে অন্যান্য কেন্দ্ৰীয় বিভাগত কৰ্মৰত তথা অৱসৰপ্ৰাপ্ত লোকৰ নামো উল্লেখ আছে ৷ মমতা বেনাৰ্জীয়ে প্ৰথমৰ পৰাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি থকাৰ সময়তো অসমলৈ তৃণমুল কংগ্ৰেছৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল মমতা বেনাৰ্জীয়ে ৷