নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: শনিবাৰে ২০০৮ চনত মালেগাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ শুনানিত অভিযুক্ত শাৰীৰিকভাৱে উপস্থিত নথকাত আদালতে অসন্তুষ্টি ব্যক্ত কৰে । মুম্বাইত থকা NIA-ৰ বিশেষ আদালতে অহা ৪ জানুৱাৰীত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে । মুঠ ৭ জন অভিযুক্তৰ ভিতৰত শনিবাৰে ৪ জন অভিযুক্তহে আদালতত উপস্থিত থাকে । ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে হোৱা এক শুনানিত মাত্ৰ তিনিজন অভিযুক্ত লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ শ্ৰীকান্ত পুৰোহিত, সমীৰ কুলকাৰ্ণী আৰু অজয় ৰাহিৰকাৰহে উপস্থিত আছিল ।
এই তিনিগৰাকীৰ উপৰিও এই ঘটনাৰ অভিযুক্ত আছিল বিজেপিৰ সাংসদ প্ৰজ্ঞা থাকুৰ, মেজৰ(অৱসৰপ্ৰাপ্ত) ৰমেশ উপাধ্যায়, সুধাকৰ দ্বিৱেদি আৰু সুধাকৰ চতুৰ্বেদী । সেই শুনানিৰ সময়তে আদালতে আটাইকেইজন অভিযুক্তক আজিৰ শুনানিৰ সময়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল । বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন, বিস্ফোৰক পদাৰ্থ আইন, আৰু ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।