অসম

assam

ETV Bharat / bharat

উচ্চস্তৰীয় প্ৰতিৰক্ষা সমিতিৰ সদস্যপদ বিস্ফোৰণত অভিযুক্ত সাংসদ প্ৰজ্ঞা ঠাকুৰলৈ

মধ্যপ্ৰদেশৰ ভুপাল সংসদীয় সমষ্টিৰ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ নিৰ্বাচিত হৈছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ উচ্চস্তৰীয় সংসদীয় সমিতিৰ সদস্য ৷ মালেগাৱ বিস্ফোৰণত অভিযুক্ত এইগৰাকী বিজেপি সাংসদৰ বিৰুদ্ধে আছে বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰ ৷ এনে অৱস্থাত দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে ভাবুকিস্বৰূপ এগৰাকী সাংসদক এইদৰে উচ্চস্তৰীয় সমিতিলৈ নিৰ্বাচিত কৰা বিষয়টোৱে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে ৷

উচ্চস্তৰীয় প্ৰতিৰক্ষা সমিতিৰ সদস্যপদ বিস্ফোৰণত অভিযুক্ত সাংসদ প্ৰজ্ঞা ঠাকুৰলৈ

By

Published : Nov 21, 2019, 8:01 PM IST

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰঃদেশৰ প্ৰতিৰক্ষা খণ্ডৰ গুৰুত্বপূৰ্ণ তথা উচ্চস্তৰীয় সংসদীয় সমিতিলৈ সদস্য নিযুক্ত হৈছে সন্ত্ৰাসবাদৰ গোচৰত অভিযুক্ত বিজেপি সাংসদ ৷ দেশৰ প্ৰতিৰক্ষা খণ্ডলৈ ভাবুকিস্বৰূপ এইগৰাকী সাংসদ হৈছে মধ্যপ্ৰদেশৰ ভুপাল সংসদীয় সমষ্টিৰ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ ৷ প্ৰজ্ঞা ঠাকুৰৰ বিৰুদ্ধে মালেগাৱ বোমা বিস্ফোৰণকে ধৰি বহুকেইটা সন্ত্ৰাসজনিত অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৷

লগতে পঢ়কঃ ছিয়াচীনত হিমস্খলনত নিহত চাৰিজনকৈ সেনা

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনষ্ঠ 21 সদস্যযুক্ত প্ৰতিৰক্ষা সংসদীয় সমিতিলৈ বৃহস্পতিবাৰে সদস্য নিযুক্ত হয় প্ৰজ্ঞা ঠাকুৰ ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত এইদৰে সংসদীয় সমিতিলৈ সদস্য নিযুক্ত হৈ আহে এগৰাকী সন্ত্ৰাসবাদত অভিযুক্ত সাংসদ ৷ 21 সদস্যযুক্ত এই সমিতিত বিৰোধী দল নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুলা,তৃণমুল কংগ্ৰেছৰ চৌগত ৰয়,ডিএমকে দলৰ এ ৰাজাৰ লগতে এনচিপিৰ অধ্যক্ষ শাৰদ পাৱাৰ ৷

লগতে পঢ়কঃ ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা খণ্ডৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত এইদৰে এগৰাকী বিতৰ্কিত তথা বোমা বিস্ফোৰণত অভিযুক্ত সাংসদক অন্তৰ্ভুক্ত কৰাক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যিটো সময়ত দেশৰ সীমা ৰক্ষাৰ বাবে প্ৰতিনিয়ত একোগৰাকী সৈনিক শ্বহীদ হৈ আছে তেনে সময়ত বোমা বিস্ফোৰণত অভিযুক্ত এগৰাকী সাংসদৰ হাতত এইসকল সৈনিকৰ ভৱিষ্যত এৰি দিছে বিজেপি চৰকাৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details