অসম

assam

ETV Bharat / bharat

নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে জনালে নতুন ভাৰতৰ নতুন লক্ষ্য

সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস মন্ত্ৰ সফল কৰাত নীতি আয়োগৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা ৷সাধাৰণ নিৰ্বাচনত পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়া আখ্যা দি এতিয়া সকলোৰে দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সময় বুলি মন্তব্য কৰে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

By

Published : Jun 15, 2019, 7:04 PM IST

ETV BhaRAT

নতুন দিল্লী,15জুন: 2024 চন পৰ্যন্ত ভাৰতক অৰ্থব্যৱস্থাক 5 ত্ৰিলিয়ন ইউ এচ ডি পৰ্যন্ত লৈ যোৱাৰ লক্ষ্য ভাৰতৰ ৷ প্ৰত্যাহবান মূলক হ'লেও ভাৰত সফল হ'ব বুলি নীতি আয়োগৰ বৈঠকত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস মন্ত্ৰ সফল কৰাত নীতি আয়োগৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা ৷সাধাৰণ নিৰ্বাচনত পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়া আখ্যা দি এতিয়া সকলোৰে দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সময় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

2024 চন পৰ্যন্ত ভাৰতৰ অৰ্থব্যৱস্থাই 5 ত্ৰিলিয়ন স্পৰ্শ কৰাটো প্ৰত্যাহবানমূলক হ'ব যদিও দেশ এই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰতিখন ৰাজ্যকে নিজ নিজ বিশেষত্ব চিনাক্তকৰণ কৰি জি ডি পি বৃদ্ধিৰ বাবে জিলা পৰ্যায়ৰ পৰাই চেষ্টা কৰিবলৈ তেওঁ আহ্বান জনায় ৷ " পাৰ ড্ৰপ ম'ৰ ক্ৰপ" আঁচনিৰ জৰিয়তে কম পানীৰ জৰিয়তে অধিক উৎপাদনৰ চেষ্টাৰে দেশৰ বিভিন্ন অংশত হৈ থকা খৰাং বতৰৰ লগত মোকাবিলা কৰিবলৈ চেষ্টা কৰিব লাগে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ,নতুনকৈ সংযোজন কৰা জল শক্তি মন্ত্ৰণালয়ৰ জৰিয়তে জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ দিশত ৰাজ্যসমূহে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব ৷

শনিবাৰে অনুষ্ঠিত মোডী মন্ত্ৰীসভাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠকত উপস্থিত আছিল বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে জেষ্ঠ কেন্দ্ৰীয়মন্ত্ৰীসকল ৷ অৱশ্যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও অনুপস্থিত আছিল বৈঠকত ৷

ABOUT THE AUTHOR

...view details