অসম

assam

লিবিয়াত অপহৃত ভাৰতীয়ক স্বদেশলৈ অনাৰ প্ৰয়াস ভাৰত চৰকাৰৰ

By

Published : Oct 9, 2020, 11:44 AM IST

যোৱা ১৪ ছেপ্টেম্বৰত লিবিয়াত অপহৃত ৭গৰাকী ভাৰতীয়ক উভতাই অনাৰ আশ্বাস ভাৰত চৰকাৰৰ। আটাইকেইগৰাকীকে ভাৰতলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিলে বৈদেশিক মন্ত্ৰালয়ে।

লিবিয়াত অপহৃত ভাৰতীয়ক স্বদেশলৈ অনাৰ প্ৰয়াস ভাৰত চৰকাৰৰ
লিবিয়াত অপহৃত ভাৰতীয়ক স্বদেশলৈ অনাৰ প্ৰয়াস ভাৰত চৰকাৰৰ

নেশ্যনেল ডেস্ক, ৯অক্টোবৰ: লিবিয়াৰ ত্ৰিপ'লীত অপহৰণকাৰীৰ কবলৰ পৰা শীঘ্ৰে ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাৰ আশ্বাস দিলে ভাৰত চৰকাৰে। যোৱা ১৪ ছেপ্টেম্বৰত ভাৰতলৈ আহিবলৈ ত্ৰিপ'লী বিমানবন্দৰ অভিমুখে আহি থকা পথতে ৭গৰাকী ভাৰতীয় নাগৰিকক অপহৰণ কৰা হৈছিল। ভাৰতীয় নাগৰিক কেইগৰাকীক শীঘ্ৰে ভাৰতলৈ উভতাই অনা হ'ব বুলি অপহৃতৰ পৰিয়ালক আশ্বাস দিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে।

বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে সাপ্তাহিক সংবাদৰ বিবৃত্তিত কয় যে, 'বৈদেশিক মন্ত্ৰালয়ে অপহৃত নাগৰিকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে। ভাৰতীয় নাগৰিককেইগৰাকীক অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে ভাৰত চৰকাৰে যৎপৰোনাষ্টি চেষ্টা চলাইছে।' লগতে পৰিয়ালৰ লোকক আশ্বাস দি কয় যে, 'লিবিয়াৰ বিষয়াৰ সৈতেও বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত আলোচনা কৰিছে। শীঘ্ৰে অপহৃত নাগৰিককেইগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ মুক্তিৰ বাবে চেষ্টা কৰিব।'

এই ৭গৰাকী ভাৰতীয়ৰ ঘৰ অন্ধপ্ৰদেশ, বিহাৰ, গুজৰাট, উত্তৰ প্ৰদেশত বুলি প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে। তেওঁলোকে নিৰ্মাণ আৰু তৈল ক্ষেত্ৰত কৰ্মৰত আছিল। বিমানেৰে ভাৰতলৈ আহিবলৈ ত্ৰিপ'লী বিমানবন্দৰ অভিমুখে আহি থকা পথতে অপহৰণ কৰা হৈছিল ভাৰতীয় নাগৰিককেইজনক। অপহৰণকাৰীয়ে অপহৰণৰ প্ৰমাণ হিচাপে ভাৰতীয় নাগৰিকৰ ফটো প্ৰেৰণ কৰিছে আৰু ফটোত তেওঁলোকক সুৰক্ষিত হৈ থকা দেখা গৈছে।

লিবিয়াত বাস কৰা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে কাম কৰি অহা টুছিনিয়াস্থিত ভাৰতীয় দূতাবাসৰ সৈতে এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ে আলোচনা কৰিছে। লিবিয়াৰ বিভাগীয় বিষয়াৰ সৈতে টুছিনিয়াস্থিত ভাৰতীয় দূতাবাস কৰ্তৃপক্ষই যোগাযোগ কৰিছে আৰু লিবিয়াত থকা আন্ত:ৰাষ্ট্ৰীয় সংগঠনেও ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে সহায় কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। ২০১১ চনত সামৰিক শাসক মুৱাম্মৰ গাড্ডাফিৰ পতনৰ পিছত তেলৰ বাবে ধনী দেশ লিবিয়াত অৰাজকতা আৰু অস্থিৰ পৰিৱেশে বিৰাজ কৰি আছে।

২০১৪ চনৰে পৰা ত্ৰিপ'লী আৰু পূৱ প্ৰান্তক প্ৰতিদ্বন্দী গোটসমূহৰ দ্বাৰা বিভাজিত কৰা হৈছে। বহুকেইখন উপকূলীয় চহৰ ২০১৭ চনলৈকে বিশ্বজুৰি নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছেৰ দখলত আছিল। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে এখন পৰামৰ্শাৱলী জাৰি কৰি সুৰক্ষাজনিত কাৰণত লিবিয়া ভ্ৰমণ নকৰিবলৈ ভাৰতীয় নাগৰিকক আহ্বান জনাইছিল। লিবিয়াত অব্যাহত থকা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০১৬ চনৰ মে' মাহৰ ভাৰত চৰকাৰে লিবিয়া ভ্ৰমণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে।

লগতে পঢ়ক:ৰাঁচীত 10 নক্সালবাদী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details