বিশ বছৰৰ আগতে যেতিয়া চৰকাৰে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিছিল প্ৰতি পাঁচ জন শিশুৰ এজনে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা নাছিল । আজি প্ৰায় 99% আমাৰ শিশুৱে বিদ্যালয়ত নামভৰ্ত্তি কৰিছে যিটো অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু যি শিক্ষাৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত প্ৰথমটো খোজ । কিন্ত দুৰ্ভাগ্যজনক কথাটো হ'ল বিদ্যালয়ত নামভৰ্ত্তি কৰাৰ কথাই কাম্য ফলাফল সুনিশ্চিত কৰিব পৰা নাই । এইটো ইতিমধ্যেই প্ৰতিষ্ঠিত সত্য যে যাৰ বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় নহয় তেওঁলোকে পিছত উচ্চ পৰ্যায়ত শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হয় আৰু শেষত শিক্ষা ব্যৱস্থাৰ পৰা নিজৰ নাম কৰ্তন কৰিবলৈ বাধ্য হয় । গুণগত শিক্ষা বিশেষকৈ বুনিয়াদী শিক্ষাৰ সুদৃঢ় ভেটি মানৱ সম্পদ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা(NEP) যি নেকি প্ৰায় 30 বছৰৰ পিছত উন্নীতকৰণ কৰা হৈছে, শিশুৰ প্ৰাথমিক শিক্ষা আৰু সুদৃঢ় বুনিয়াদী শিক্ষাৰ অভাৱ আজিৰ সময়ত শিক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা আটাইতকৈ জটিল প্ৰত্যাহ্বান বুলি বিবেচনা কৰিছে। নতুন শিক্ষা নীতিয়ে কৈছে, “ সকলোৰে বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰণ আৰু 2025 চন পৰ্যন্ত সাংখ্যিক জ্ঞান বৃদ্ধি কৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ উন্নীতকৰণ আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত । যদি এই প্ৰধান লক্ষক গুৰুত্ব দি প্ৰথম পৰ্যায়তে লিখা, পঢ়া আৰু সংখ্যাৰ জ্ঞান সুদৃঢ় কৰা নহয় তেন্তে আমাৰ বাকী সন্নিৱিষ্ট কৰা নীতি সমূহ অৰ্থহীন হৈ পৰিব ।"
নতুন শিক্ষা নীতিয়ে নিৰ্ধাৰণ কৰা শিক্ষাৰ ভেটি সুদৃঢ় কৰণৰ এই লক্ষ্যৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰই তেওঁলোকৰ কৰ্মসূচী প্ৰস্তুত কৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিব লাগে আৰু বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ বাবে নিজৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে এতিয়া অতি সোনকালে নতুন শিক্ষানীতিৰ খচৰা খন সংসদত গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ পৰামৰ্শ সমূহ গ্ৰহণ কৰিব লাগে।ৰাজ্যসমূহক কাম কৰিবলৈ পইচা আৰু স্বাধীনতা দি বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যত নিৰ্দিষ্ট সময় ভিত্তিত ৰণকৌশল প্ৰস্তুত কৰিব লাগে । প্ৰথমতেই সকলো শিশুৱে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়িবলৈ শিকিব লাগে কাৰণ ই হৈছে সমগ্ৰ জীৱনৰ শিক্ষাৰ ভেটি। কেন্দ্ৰীয় স্কোৱেৰ ফাউণ্ডেশ্যনৰ "Siksha ki ABC"অৰ্থাৎ শিক্ষাৰ অ, আ, ক, খ শীৰ্ষক কাৰ্যসূচীত অভিভাৱক সকলক এইটো কথা সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয় যাতে তেওঁলোকৰ সন্তানে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়িব পৰা হৈ উঠে। বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে শিক্ষাবিদ সকলৰ শিক্ষণ সম্পৰ্কে দিয়া পৰামৰ্শ সমূহ গ্ৰহণ কৰি কেতবোৰ স্বতন্ত্ৰ গোট গঠন কৰিব লাগে যি বিভিন্ন পৰ্যায়ত এই কাৰ্যসূচীৰ মূল্যায়ন কৰিব পাৰে। বিশ্বাসযোগ্য আৰু তুলনামূলকভাৱে গণনাযোগ্য পৰিসংখ্যা উপলব্ধ হব লাগে যাতে নীতি, লক্ষ্য,বাজেট আৰু সকলো প্ৰাধিকাৰীৰ বিষয়সমূহ সঠিকভাৱে নিয়মীয়াকৈ চকু দিব পৰা যায় ।