নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কোভিড-১৯ মহামাৰী বাবে দেশত এতিয়া লক ডাউন ২.০ । এই লক ডাউনৰ মাজতেই ভাৰতৰ প্ৰখ্যাত চিনেমা নিৰ্মাতা একতা কাপুৰ, আনন্দ এ ৰায়, ছাজিদ নাদিয়াদৱালা, দিনেশ ভিজান, নিতিশ তিৱাৰী আৰু মহাবীৰ জৈনে যুটীয়া ভাৱে লক ডাউনক বিষয় বস্তু হিচাপে লৈ আৰম্ভ কৰিছে #IndiaLetsMakeAFilm অভিযানৰ । ম'বাইলৰ জৰিয়তে প্ৰেৰণামূলক চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত মানুহৰ মাজত উৎসাহ জগাবলৈয়ে এই অভিযানৰ আৰম্ভ কৰা হৈছে । ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ নাগৰিকক ১ মিনিটৰ ম'বাইল ভিডিঅ'ত এণ্ট্ৰিৰ আহ্বান কৰা হৈছে ।
লক ডাউন ২.০ ৰ মাজত #IndiaLetsMakeAFilm অভিযান !
ভাৰতৰ প্ৰখ্যাত চিনেমা নিৰ্মাতা একতা কাপুৰ,আনন্দ এ ৰায়,ছাজিদ নাদিয়াদৱালা,দিনেশ ভিজান,নিতিশ তিৱাৰী আৰু মহাবীৰ জৈনে যুটীয়া ভাৱে লক্ ডাউনক বিষয় বস্তু হিচাপে লৈ "ইণ্ডিয়া লেট্ছ মেক্ এ ফিল্ম" অভিযানৰ আৰম্ভ কৰিছে । এই অভিযানক অগ্ৰাধিকাৰ দিছে মুকেশ চাব্ৰা,মন্টো বাচ্ছি,মৌলিক ভগতে ।
অংশগ্ৰহণকাৰী সকলক ১ মিনিটৰ ম'বাইল ভিডিঅ' চিনেমা বনাবলৈ, কোৱাৰেণ্টাইনৰ ভাল দিশ,আমি সফল হ'ম,লক ডাউনৰ উদ্ভাৱনৰ কাহিনী, সুৰক্ষা নীতি পালন, সহায়, লক ডাউনক লৈ সচেতনতাআৰুএই যুদ্ধত সন্মুখৰ পৰা যুঁজ দিয়া হিৰ' সকলৰ ওপৰতমুঠ ৬ টাবিষয় বস্তু নিৰ্ধাৰণ কৰি দিয়া দিছে । ইয়াৰে যিকোনো এটা বিষয় বস্তু লৈ অংশগ্ৰহণকাৰীয়ে ১ মিনিটৰ চিনেমা তৈয়াৰ কৰিব পাৰিব ।
আনহাতে নাম অন্তৰ্ভুক্ত কৰা অন্তিম সময় সীমা হৈছে ২১ এপ্ৰিল । বিজয়ী হোৱা চিনেমাখন ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হ'ব । এই কাৰ্যক্ৰমক Change Within initiative হিচাপে তুলি ধৰা হৈছে । এই কামত জড়িত হৈ আছে মুকেশ চাব্ৰা,মন্টো বাচ্ছি,মৌলিক ভগত ।