অসম

assam

ETV Bharat / bharat

বিহাৰত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰে'ল যাত্ৰী - সদিস'পুৰ ষ্টেচন

বিহাৰৰ সদিস'পুৰ ষ্টেচনত চলন্ত ৰে'লত অঘটন। ৰে'লখন আগুৱাই গৈ থকাৰ সময়তে দবাৰ পৰা ইঞ্জিন বিচ্ছিন্ন হৈ পৰে। দবা বিচ্ছিন্ন হৈ পৰাৰ লগে লগে চালকে ৰে'লখন ৰখাই দিয়াৰ বাবে যাত্ৰীসকল ৰক্ষা পৰে।

বিহাৰত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰে'ল যাত্ৰী
বিহাৰত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰে'ল যাত্ৰী

By

Published : Oct 24, 2020, 4:07 PM IST

নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: বিহাৰৰ সদিস'পুৰ ষ্টেচনত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথমপি ৰক্ষা পৰিল ৰে'ল যাত্ৰী। কামাখ্যাৰ পৰা লোকমান্য অভিমুখী এখন ৰে'ল ষ্টেচনৰ পৰা যাত্ৰা কৰোঁতেই দবাৰ পৰা ইঞ্জিন বিচ্ছিন্ন হৈ পৰে। ৰে'লখনৰ ৭টা দবা পিচত থাকি যায়। ইয়াৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে ৰে'লখনে যথেষ্ট ধীৰ গতিৰে যাত্ৰা কৰা বাবে যাত্ৰীসকল ৰক্ষা পৰে। কিন্তু দবা বিচ্ছিন্ন হৈ যোৱাৰ পিছতে যাত্ৰীসকল আতংকিত হৈ পৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

বিহাৰত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰে'ল যাত্ৰী

আনহাতে, সতৰ্কতা অৱলম্বন কৰি চালকে ৰে'লখন ৰখাই দিয়াৰ বাবে যাত্ৰী হতাহত হোৱাৰ পৰা ৰক্ষা পৰে। ৰে'লখনৰ ৭টা দবা প্ৰায় ১ কিলোমিটাৰ পিছত ৰৈ যায়। অৱশ্যে, ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ খবৰ পোৱাৰ পিছতে দানাপুৰ ৰে'ল ডিভিজনৰ বিষয়া আৰু অভিযন্তা ঘটনাস্থলীত উপস্থিত হৈ সেই ৰে'ল পথেৰে যাত্ৰা ২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়ে। হাওৰা-দিল্লী ৰে'ল পথৰ যাত্ৰাও বন্ধ কৰি দিয়া হয়। ফলত কেইবাখনো ৰে'ল আবদ্ধ হৈ পৰে।

বিহাৰত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰে'ল যাত্ৰী

আনহাতে সমগ্ৰ ঘটনাৰ বাবে ৰে'ল বিভাগৰ বিষয়াক দোষাৰোপ কৰিছে যাত্ৰীসকলে। পিছত ৰে'ল অভিযন্তাই ৰে'লখনৰ বিচ্ছিন্ন হোৱা দবাবোৰ সংলগ্ন কৰে। ইয়াৰ পিছতে ৰে'লখনে লোকমান্য তিলক অবিমুখে যাত্ৰা কৰে।

লগতে পঢ়ক:গুজৰাটত বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details