নিউজ ডেস্ক,26 মাৰ্চঃ লক ডাউনৰ সময়ছোৱাত দুখীয়া লোকসকলৰ সাহাৰ্যৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1.70 লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ নামৰ এই আঁচনি ঘোষণা কৰে ৷
- বিত্ত মন্ত্ৰনালয়ে চিকিৎসা সেৱা প্ৰদানকাৰী সকলৰ বাবে ঘোষণা কৰিছে এক বিশেষ বীমা আঁচনি ৷ চৰকাৰে চিকিৎসা ক্ষেত্ৰত কাম কৰা সকলো কৰ্মচাৰীক আগন্তুক তিনিমাহত প্ৰত্যেকৰ বাবে 50 লাখ টকাৰ বীমা ঘোষণা কৰা হৈছে ৷
- বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰে যে, ভাৰত চৰকাৰে 1 লাখ 70 হাজাৰ টকাৰ পেকেজ দৰিদ্ৰ পৰিয়াল, মহিলা, আশা কৰ্মী আৰু টকাৰ বিশেষ প্ৰয়োজন হোৱা লোকৰ বাবে আগবঢ়াব ৷
- চৰকাৰে আগবঢ়োৱা বীমাৰ জৰিয়তে দেশজুৰি 20 লাখতকৈ অধিক চিকিৎসা কৰ্মী উপকৃত হ'ব ৷
- বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি , প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন আঁচনিৰ জৰিয়তে দেশৰ 80 কোটি দৰিদ্ৰই 3 মাহৰ বাবে 5 কেজিকৈ ঘেঁহু বা 5 কেজিকৈ চাউল পাব ৷ ইয়াৰোপৰি এক কেজি দাইলো দিয়া হ'ব ৷
- বিত্ত মন্ত্ৰীৰ এই ঘোষণাৰ জৰিয়তে লক ডাউনৰ সময়ত প্ৰভাৱিত দৰিদ্ৰ সকলক তৎকালীনভাৱে সেৱা আগবঢ়োৱা হ'ব ৷
- লগতে যি সকল বি পি এল পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছ ক্ৰয় কৰি আছে তেওঁলোকক আগন্তুক তিনিমাহলৈ বিনামূলীয়াকৈ গেছ বিতৰণ কৰা হ'ব ৷
- এপ্ৰিলৰ প্ৰথমটো সপ্তাহত কৃষকৰ বেংক একাউন্টত 2000টকাকৈ প্ৰদান কৰা হ'ব ৷ এই সুবিধা দেশৰ মুঠ 8 কোটি 69লাখ কৃষকে লাভ কৰিব ৷
- ইয়াৰ লগতে নিৰ্মলা সীতাৰমনে বয়োজ্যেষ্ঠ,বিধবা আৰু দিব্যাংগ লোকসকলক অতিৰিক্ত 1000 টকাকৈ প্ৰদান কৰিব ৷ এয়া আগন্তুক তিনিমাহত দুটা কিস্তিত প্ৰদান কৰা হ'ব ৷ মনৰেগাৰ মজদুৰ সকলক 182 টকাৰ সলনি 200 টকাকৈ প্ৰদান কৰা হ'ব ৷