অসম

assam

ETV Bharat / bharat

গ্ৰেটাৰ নয়দাৰ 'মেণ্ঠল উৱেৰ হাউছ'ত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া অৰুণ কুমাৰ সিঙে জনোৱা অনুসৰি তিনি ঘণ্টাতকৈও অধিক সময় ধৰি অগ্নি নিৰ্বাপক বাহিনীয়ে 'উৱেৰ হাউছ'টোত সংযোগ হোৱা অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷

'মেণ্ঠল উৱেৰ হাউছ'ত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Aug 26, 2019, 8:07 AM IST

Updated : Aug 26, 2019, 10:19 AM IST

নিউজ ডেস্ক, 26 আগষ্টঃসোমবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ অন্তৰ্গত কাচানা এলেকা স্থিত এটা 'মেণ্ঠল উৱেৰ হাউছ'ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ জুইৰ লেলিহান শিখাই অঞ্চলটো আৱৰি ধৰাত 18 খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে পৰিস্থিতি নিযন্ত্ৰণ কৰা হয়৷

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই অৰুণ কুমাৰ সিঙে জনোৱা অনুসৰি, তিনি ঘণ্টাত কৈও অধিক সময় ধৰি অগ্নি নিৰ্বাপক বাহিনীয়ে 'উৱেৰ হাউছ'টোত সংযোগ হোৱা অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিয়নো উৱেৰ হাউছ'টোত জমা কৰি ৰখা বৃহৎ পৰিমানৰ 'মেণ্ঠল তেল' সমূহৰ বাবে অগ্নি নিৰ্বাপন বাহিনী অসুবিধাৰ সন্মুখীন হৈছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰূপে অগ্নি নিৰ্বাপন কৰিবলৈ 3 ঘণ্টাত কৈও অধিক সময় লাগিব বুলি জনাই অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া গৰাকীয়ে ৷ এই অগ্নিকাণ্ডটোত কোনো লোকৰ হতাহতি হোৱা নাই৷

Last Updated : Aug 26, 2019, 10:19 AM IST

ABOUT THE AUTHOR

...view details